সুস্বাস্থ্যৰ বাবে খাওক এইসমূহ খাদ্য

THUMBNAIL Many fad diets

বাদাম আৰু আখৰুট : প্ৰটিন,ফাইবাৰ আৰু অমেগা-৩ ৰ উপস্থিতিয়ে শৰীৰৰ উপকাৰী চৰ্বি এইচ ডি এলৰ বৃদ্ধিত সহায় কৰে ৷ আনহাতে অনিষ্টকাৰী কলেষ্টৰল তেজৰ পৰা হ্ৰাস কৰে ৷

নহৰু : দৈনিক দুফোটা কেঁচা নহৰু চোবাই খালে ৰক্তচাপ নিয়ন্ত্ৰিত হৈ থাকে ৷ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বাঢ়ে ৷ তেজৰ চৰ্বি কমে ৷

দৈ : প্ৰটিন,কেলচিয়াম আৰু শৰীৰৰ উপকাৰী বেক্টেৰিয়াৰ উৎস হেতুকে দৈ হ’ল পাক-প্ৰণালী, হাঁড়, মাংসপেশী আৰু চৰ্মৰ বাবে এক লাগতিয়াল পদাৰ্থ ৷

অলিভ তেল : অমেগা-৩ আৰু শৰীৰ বাবে লাগতিয়াল এন্টিঅক্সিডেন্টযুক্ত ৷

জামুক,কলা আঙুৰ, নুনী আৰু ষ্ট্ৰবেৰী : লাগতিয়াল এণ্টিঅক্সিডেন্টৰ উৎস ৷

ব্ৰুকলি : ভিটামিন-কে, ফাইবাৰ আৰু এণ্টিঅক্সিডেন্টৰ উৎস ৷ ভিটামিন-কে হাঁড় আৰু তেজৰ বাবে উপকাৰী ৷

অটচ্ জাতীয় খাদ্যসমূহ : যেনে ডালিয়া, চটুৱা, কৰ্ণফ্লেকচ্ আদিত অধিক পৰিমানৰ ফাইবাৰ আৰু ভিটামিন থাকে ৷

শাক-পাচলি আৰু ফল-মূলৰ চালাড : অতি উপকাৰী খাদ্য ৷ কাৰণ ইয়াত অধিক ফাইবাৰৰ ওপৰিও লাইকোপেন নামৰ এণ্টিঅক্সিডেন্ট, ভিটামিন,খনিজ পদাৰ্থ আৰু লৌহতত্ব থাকে ৷ স্নায়ুকোষ আৰু চৰ্মৰ শ্ৰীবৃদ্ধিত বিশেষ সহায়ক ৷

চয়াবিন : প্ৰ’টিন আৰু শক্তিৰ বাবে চয়াবিন হ’ল লাগতিয়াল খাদ্য ৷ নিৰামিষভোজী সকলে খোৱাটো অতি আৱশ্যকীয় ৷

Exit mobile version