HIV Variant : এইচ.আই.ভিৰ নতুন ৰূপৰ সন্ধান পালে নেডাৰলেণ্ডত

1644409863 hiv main

কৰ’না মহামাৰীৰ মাজতে নেডাৰলেণ্ডৰ গৱেষকসকলে চিনাক্ত কৰিলে এইচ.আই.ভি. ভাইৰাছৰ এটা নতুন প্ৰজাতি । যি অধিক সংক্ৰামক আৰু ক্ষতিকাৰক বুলি কোৱা হৈছে ।

এই অধ্যয়নৰ অনুসৰি, যিসকল ব্যক্তি এইচ.আই.ভি.-ৰ এই মাৰাত্মক ৰূপৰ আক্রান্ত তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুগুণ হ্ৰাস হয়।

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ বিগ ডেটা ইনষ্টিটিউটৰ গৱেষকসকলৰ নেতৃত্বত কৰা এই গৱেষণাত দেখা গৈছে যে এইচআইভি উপ-প্ৰকাৰ-বি-ত সংক্ৰমিত লোকসকলৰ তেজত ভাইৰাছৰ বোজা যথেষ্ট বেছি । কেৱল সেয়াই নহয়, এইচ.আই.ভি. ভাইৰাছৰ এই প্ৰকাৰে এইডছৰ আশংকা তিনিগুণ বৃদ্ধি কৰিব পাৰে।

অৱশ্যে, এই প্ৰকাৰৰ এইচ.আই.ভি. নতুন নহয়। কেবাবছৰো আগতে এই ৰূপৰ সন্ধান পোৱা গৈছিল । অৱশ্যে, এইচ.আই.ভি.-ৰ চিকিৎসা গ্ৰহণযোগ্যতা পোৱা নাছিল।

এইচ.আই.ভি. ভাইৰাছে প্ৰতি মিনিটত এটা জীৱন ল’ব পাৰে । বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি এইচ.আই.ভি.-ৰ নতুন, আৰু অধিক সংক্ৰমণযোগ্য প্ৰকাৰৰ বিৱৰ্তনৰ বিষয়ে সঁচাকৈয়ে চিন্তিত হৈ আছে।

‘ইউনাইটেড নেশনছ জয়েন্ট প্ৰগ্ৰাম অন এইচআইভি/এইডছৰ তৰফৰ পৰা ইমন মাৰ্ফিয়ে জনাইছে , বিশ্বজুৰি এইচ.আই.ভি. থকা প্ৰায় এক কোটি লোকৰ এতিয়াও চিকিৎসা কৰা হোৱা নাই।

Exit mobile version