মার্কিন নাগৰিকক ইউক্রেইন ত্যাগৰ পৰামর্শ বাইডেনৰ

96a79d8e630c43356ac8243a6faaef08

ইউক্ৰেইনক লৈ ক্ৰমশঃ উত্তেজনা বৃদ্ধি পাইছে বাশ্বিংটন আৰু ম’স্কোৰ মাজত। এইবাৰ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ এক বক্তব্যক লৈ সৃষ্টি হ’ল নতুন চাঞ্চল্যৰ।

হঠাতে মার্কিন ৰাষ্ট্রপতিয়ে ইউক্রেইনত বসবাস কৰা আমেৰিকাৰ নাগৰিকক অবিলম্বে ইউক্রেইন ত্যাগৰ পৰামর্শ দিলে।

এন বি চি নিউজৰ স’তে হােৱা এক সাক্ষাৎকাৰত বাইডেনে কয়, ‘বিশ্বৰ বৃহত্তম সেনাবাহিনীৰ স’তে আমি যুঁজত অৱতীৰ্ণ হৈছিলাে। কিন্তু এয়া একেবাৰে ভিন্ন পৰিস্থিতি। যিকোনাে মুহূর্তত যিকোনাে দিশলৈ গতি কৰিব পাৰে পৰিস্থিতিয়ে। সেয়েহে ইউক্রেইনত বসবাস কৰা মার্কিন নাগৰিকসকলে সেই দেশ ত্যাগ কৰাই শ্রেয়।’

বিগত কিছুদিন ধৰি ৰাছিয়াই ইউক্রেইন আক্ৰমণৰ ভাবুকি দি আহিছে আৰু ইয়াকে লৈ ৰাছিয়াৰ স’তে আমেৰিকাৰ সংঘাত বৃদ্ধি পাইছে।

এতিয়াই ইউক্রেইনলৈ আমেৰিকাই সেনা প্ৰেৰণ নকৰে বুলি জানিবলৈ দি মার্কিন ৰাষ্ট্রপতিয়ে লগতে কয়, ‘যদি আমেৰিকা আৰু ৰাছিয়াৰ সৈন্যই পৰম্পৰলৈ গুলিবর্ষণ আৰম্ভ কৰে, তেন্তে আমি এখন ভিন্ন পৃথিৱী প্রত্যক্ষ কৰিম।’

মার্কিন নাগৰিকক তৎকালীনভাৱে ইউক্রেইন ত্যাগ কৰিবলৈ বাইডেনে আহ্বান জনােৱাত ৰাছিয়াই ইউক্রেইনত আক্রমণ চলােৱাটো নিশ্চিত হ’ল বুলিও আন্তর্জাতিক মহলত চৰ্চিত হৈছে।

Exit mobile version