দিনটোৰ ৰাশিফল

horoscope oct 11

মেষ : মাংগলিক কিবা কাম কৰে বুলি ভাবিছে যদি দিনৰ ২/০৫ৰ ভিতৰত শুভ। কর্মস্থানত জটিলতা কমিব। আপােনাৰ কর্তৃত্ব অক্ষুন্ন থাকিব। উদগ্রীৱ হৈ ৰৈ থকা কার্যত উন্নতি। শুভ ৰং মেৰুণ।

বৃষ: পৰিৱেশত অস্থিৰতা থাকিব পাৰে। মনৰ দৃঢ়তা ৰাখক সকলাে নিয়ন্ত্রণক্ষম হ’ব। শৰীৰ সম্পর্কেও দুশ্চিন্তা নাই। বিদ্যাত উন্নতিৰ আশা | দেখিলেও বাধা পাব। প্ৰেমত শুভ। শুভ ৰং ৰঙা।

মিথুন :কোনাে সম্পদৰ প্রতি নজৰ ৰাখক। হাতৰ পৰা সুযােগ সৰকি নাযায় সাৱধান হওক। কোনােৱে ভৱিষ্যতৰ বাবে আশা দেখিব। সন্তানৰ বাবে। কিছু চিন্তা। দাম্পত্যতাে তদ্রুপ। শুভ ৰং ৰঙা।

কর্কট : বল প্রয়ােগ কৰাৰ মানসিকতা জাগ্রত হ’ব পাৰে। কিন্তু তাতাে বৰ সফল নহ’ব। গতানুগতিক কামত বেছি বাধা নাই। দাম্পত্যত ভালেই সন্তান চিন্তা থাকিব। নতুন সংযােগত বিৰাগ। শুভ ৰং মেৰুণ।

সিংহ : দৃঢ়মত পােষণ কৰিব সুখী হ’ব। কিন্তু আপােনাৰ এই মতক সকলােৱে মানি নল’ব। বিৰক্তি আৰু কিছুমান বাঞ্জিত কৰ্ম কৰিবলগীয়া সংযােগ পিছুৱাই পৰাত উদ্বিগ্নতা থাকিব। শুভ ৰং পাতল হালধীয়া, শুভ সংখ্যা ১।

কন্যা : এটাৰ পাছত এটা আহুকাল এৰাব পৰা টান। তাৰ ভিতৰত আগৰ। আহুকালেও দায়ী হ’ব। আপােনাৰ স্বকৰ্মৰ প্রতি কিছুমান অহমিকাই ভৱিষ্যতৰ হেঙাৰ দিব। শুভ ৰং মাটিয়া।

তুলা :মধ্য ফল। কোনাে বন্ধুৰ পৰা কিছুমান সহায় লাভ কৰিব লগতে আপােনাৰ দক্ষতাৰ প্রতি কোনাে আনুষ্ঠানিক আহ্বান আহিব। বিদ্যাত জটিল চিন্তা এৰাব পাৰিব। শুভ ৰং বগা।

বৃশ্চিক: কিছুমান পুৰণি চেষ্টাৰ সুফল দেখিব। বন্ধু-বান্ধৱৰ পৰা উৎসাহ। দিনৰ ১১-৩০ বজাৰ পৰা এনে সংযােগ দেখা যায়। দাম্পত্যত আনন্দ। কিন্তু কোনাে কথাৰ বাবে উৎকণ্ঠিত হােৱাৰ আশংকা শুভ ৰং সেউজীয়া।

ধনু :শাৰীৰিক অথন্তৰ অনুভৱ কৰিবও পাৰে। বিশেষকৈ দুর্বল আৰু বয়সস্থসকল। বিদ্যাত যত্নৰ ত্ৰুটি নকৰিব। একেদৰে লাগি থকা কর্মতাে। পিছুৱাই নাযাব। আর্থিক উন্নতিত বাধা। শুভ ৰং ৰঙা।

মকৰ : আর্থিকত পােৱা কষ্টৰ কিছু হলেও লাঘৱ হ’ব। কোনাে প্রশংসনীয় বিষয়া বা তেনে লােকৰ লগত সুসম্বন্ধ গঢ়িব পাৰে। বিদ্যাত মধ্যম। শৰীৰ সম্পর্কীয় দুশ্চিন্তাৰ প্ৰয়ােজন নাথাকিব। শুভ ৰং কমলা।

কুম্ভ : মনত অত্যন্ত কুটাল প্রশ্নই তােলপাৰ লগাব পাৰে। অৱশ্যে তাৰ বেছিভাগেই অমূলক বুলি প্রমাণিত হ’ব। দাম্পত্যত চিন্তা। শুভ ৰং বগা।

মীন :মজলীয়া হ’লেও শুভ প্রভাৱৰ সংখ্যা বৃদ্ধি। বিদ্যার্থীৰ বাবে তেনে বাধা দেখা যায়। কিন্তু নিজৰ ভৱিষ্যৎ সম্পর্কে চিন্তিত হােৱাৰ যোগ থাকিব দুপৰীয়াৰ পৰা সাৱধান হওক। শুভ ৰং গােলপীয়া।

Exit mobile version