বজাৰলৈ আহিল পতঞ্জলি-পিএনবি ক্রেডিট কার্ড

2022 2largeimg 477137711

ৰামদেৱৰ পতঞ্জলি আয়ুর্বেদ লিমিটেড (পিএএল) আৰু পঞ্জাৱ নেছনেল বেংকে ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশােধ নিগম (এনপিচিআই)ৰ স’তে যৌথ সহযােগিতাৰে এক সহ- ব্রেণ্ডেড ক্রেডিট কার্ড মুকলি কৰিছে। এই সহ-ব্রেণ্ডেড ক্রেডিট কার্ডখন এনপিচিআইৰ) ৰুপেৰ আধাৰত আগবঢ়োৱা হৈছে। এই কার্ডখন পিএনবি ৰুপে প্লেটিনাম আৰু পিএনবি ৰূপে ছিলেক্ট নামেৰে দুটা প্রকাৰত উপলব্ধ।

কাৰ্ডৰ লাভালাভবােৰ কি চাও আহক

এই ক্রেডিট কার্ডখনত পতঞ্জলিৰ সামগ্রী ক্রয় কৰাৰ বাবে ভালৰাে ভাল অফাৰ আগবঢ়োৱা হৈছে য’ত কেছবেক,লয়েলটি পইন্ট, বীমা আৱৰণসহ কেবাটাও লাভালাভ উপলব্ধ। কার্ডধাৰকসকলে কার্ডখন মুকলি হােৱাৰ পৰা তিনি মাহৰ বাবে পতঞ্জলিৰ যিকোনাে বিপণীত ২৫০০ টকা বা ততােধিক লেনদেনত দুই শতাংশৰ কেছবেক লাভ কৰিব।

ইএমআই আৰু অট’-ডেবিটৰ সুবিধা আছে

পিএনবি ৰুপে প্লেটিনাম আৰু পিএনবি ৰুপে ছিলেক্ট কার্ডধাৰকে সক্রিয়কৰণৰ সময়ত ৩০০ ৰিৱার্ড পইন্ট লাভ কৰিব। ইয়াৰ উপৰি গ্ৰাহকসকলে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানকোঠাত লাউঞ্জ প্রৱেশ, এড-অন কার্ড সুবিধা আৰু ব্যয়, ইএমআই আৰু অট’-ডেবিট প্রৱেশাধিকাৰৰ ওপৰত আকর্ষণীয় ৰিৱার্ড পইণ্ট প্রাপ্ত কৰিব।

১০ লাখ টকালৈকে ক্রেডিট সীমা

কার্ডখনে দুর্ঘটনাজনিত মৃত্যু আৰু শাৰীৰিক অক্ষমতাৰ ক্ষেত্ৰত দুই লাখ আৰু ১০ লাখ টকাৰ বীমা আৱৰণ আগবঢ়ায়। প্লেটিনাম ক্রেডিট কার্ডৰ ক্রেডিট সীমা ২৫হেজাৰ টকাৰ পৰা পাঁচ লাখ টকা আৰু ছিলেক্ট কাৰ্ডত ৫০হেজাৰ টকাৰ পৰা ১০ লাখ টকাৰ ক্রেডিট সীমা উপলব্ধ হ’ব।

কিমান খৰচ হব?

প্লেটিনাম কার্ডত কোনাে যােগদান মাচুল নাই। অৱশ্যে, বার্ষিক মাচুল হিচাপে ৫০০টকা ভৰিব লাগিব। আনহাতে, ছিলেক্ট কাৰ্ডৰ ক্ষেত্ৰত, উপভােক্তাই ৫০০ টকাৰ যােগদান মাচুলৰ লগতে ৭৫০টকাৰ বার্ষিক মাচুলাে পৰিশােধ কৰিব লাগিব। পিএনবি আৰু ৰুপেৰ স’তে এই পদক্ষেপে কার্ড ব্যৱহাৰকাৰীসকলৰ মাজত ক্রেডিট কার্ড ব্যৱহাৰ কৰাৰ অধিক সুযােগ প্রদান কৰিব।

Exit mobile version