১৬ ছেকেণ্ডৰ বাবে মাস্ক খুলি ভৰিলে দুই লাখ টকাৰ জৰিমনা

Fine2

দুবছৰৰাে অধিক সময় ধৰি সমগ্র বিশ্বকে কৰ’না ভাইৰাছৰ সংক্রমণে ত্রাসিত কৰি ৰাখিছে। কৰ’নাৰ সংক্রমণ প্রতিৰােধৰ ক্ষেত্ৰত বিশ্বৰ সকলাে দেশতে মাস্ক পৰিধানত গুৰুত্ব আৰােপ কৰা হৈছে। এই মহামাৰীৰ আগমনৰ পূর্বে মানুহে মাস্কৰ সন্দৰ্ভত বিশেষভাৱে জ্ঞাত নাছিল।

কিন্তু এতিয়া কৰ’নাৰ পৰা ৰক্ষা লাভ কৰিবলৈ হ’লে মাস্ক পিন্ধাতাে বাধ্যতামূলক। বিশ্বৰ বহু দেশত কৰ’না প্ৰতিৰােধৰ ক্ষেত্ৰত মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে। মাস্ক নিপিন্ধিলে জৰিমনা বিহাৰৰ নিয়ম বিভিন্ন দেশত প্ৰৱৰ্তন কৰা হৈছে। আমাৰ দেশততা ক’ভিডৰ আগমনৰ পাছতে মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে মাস্ক নিপিন্ধা লােকক জৰিমনাও বিহা হৈছিল।

কিন্তু এতিয়াও বিশ্বত এনে বহুলােক আছে, যিসকলে মাস্ক পৰিধানত গুৰুত্ব দিব নিবিচাৰে। বহু লােকে মাস্ক পিন্ধিবলৈ ভাল নাপায় আৰু কৰ’নাৰ সংক্রমণকো কেৰেপ নকৰি মাস্ক অবিহনে ঘৰৰ বাহিৰৰ ৰাজহুৱা স্থানত ভিৰ কৰে। আকৌ এনে এচাম লােকো আছে যিসকলে মাস্ক পিন্ধি ঘৰৰ বাহিৰলৈ ওলালেও মাজে সময়ে মাস্ক খুলি থয়।

এইদৰে মুখত থকা মাস্কখন এক মুহূৰ্তৰ বাবে খুলি থৈ দুই লাখ টকাৰ জৰিমনা ভৰিলে এজন ব্যক্তিয়ে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই বৃহৎ পৰিমাণৰ জৰিমনা আদায় কৰা হ’ল ব্রিটেইনত।

ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে ক’ভিড প্ৰতিৰােধৰ ক্ষেত্ৰত মাস্ক পৰিধান বাধ্যতামূলক কৰাৰ লগতে মাস্ক নিপিন্ধা লােকক বৃহৎ জৰিমনা বিহাৰৰ নিয়ম প্রবর্তন কৰিছে। অলপতে ব্রিটেইনৰ খ্রীষ্ট’ফাৰ অ’-টুল নামৰ ব্যক্তি এজনে বজাৰ কৰিবলৈ গৈছিল।

মাস্ক পৰিধান কৰা খ্রীষ্ট’ফাৰে হঠাতে অসহজ অনুভৱ কৰাত মাস্কখন মাত্র ১৬ ছেকেণ্ডৰ বাবে মুখৰ পৰা আঁতৰাই ৰাখিছিল।খ্রীষ্ট’ফাৰে জনােৱা অনুসৰি, তেওঁ সদায় মাস্ক পিন্ধি আহিছে যদিও সেইদিনা শৰীৰটো অলপ বেয়া লগাত মাস্কখন এক মুহূৰ্তৰ বাবে খুলি থৈছিল আৰু সেই সময়তে কেইজনমান আৰক্ষীয়ে তেওঁৰ নাম-ঠিকনা লিখি লৈ যায়।

ইয়াৰ কেইদিনমান পাছতে আৰক্ষীৰ পৰা তেওঁ ১০ হেজাৰ টকাৰ জৰিমনা বিহাৰ জাননী লাভ কৰে। কিন্তু উক্ত জৰিমনা আদায় দিব নিবিচাৰি খ্রীষ্ট’ফাৰে নিজৰ যুক্তি দাঙি ধৰাত আৰক্ষীয়ে তেওঁৰ জৰিমনা দুই লাখ টকালৈ বৃদ্ধি কৰে। উপায়হীন হৈ খ্রীষ্ট’ফাৰে আদালতৰ কাষ চাপিবলৈ বাধ্য হ’ল। খ্রীষ্ট’ফাৰৰ মতে, তেওঁৰ প্রতি অন্যায় কৰা হৈছে।

Exit mobile version