এবছৰত গৃহযুদ্ধত বিধ্বস্ত ম্যানমাৰত গৃহহীনৰ সংখ্যা দুগুণ হ’ল

myanmar rally anadolu file

ম্যানমাৰত গণতান্ত্রিক নেত্রী আং চান ছু কীৰ চৰকাৰৰ পতনৰ পাছত সামৰিক শাসনত বিগত এবছৰত দেশখনত গৃহহীন লােক প্রায় দুগুণ বৃদ্ধি পালে।

ৰাষ্ট্ৰসংঘৰ শৰণার্থী সংস্থাই এই তথ্য প্রকাশ কৰি জনােৱা অনুসৰি ২০২১ ফেব্ৰুৱাৰীৰ পৰা বৰ্তমানলৈকে ম্যানমাৰত দিশহাৰা হােৱা লােকৰ সংখ্যা দুগুণ বৃদ্ধি পালে।

ৰাষ্ট্ৰসংঘৰ তথ্য প্রকাশ যে বর্তমানলৈকে আঠ লাখৰো অধিক নাগৰিক ম্যানমাৰত গৃহযুদ্ধৰ ফলত গৃহহীন হ’ল। উল্লেখ্য যে ২০২১ ফেব্ৰুৱাৰীত ম্যানমাৰত সামৰিক অভ্যুত্থান ঘটিছিল আৰু ইয়াৰ পাছতে দেশখনত সামৰিক শাসন প্ৰৱৰ্তিত হৈছিল।

বিগত এবছৰে দেশখনত সেনা আৰু গণতন্ত্রকামীৰ মাজত ব্যাপক সংঘাত অব্যাহত আছে। যােৱা বছৰৰ ফেব্ৰুৱাৰীতে ৪.৪০ লাখ নাগৰিকে নিজৰ ঘৰ ত্যাগ কৰিবলৈ বাধ্য হৈছিল।

Exit mobile version