প্ৰথমবাৰলৈ প্ৰতি লিটাৰ পে’ট্ৰলৰ মূল্য পাকিস্তানত ১৫০ টকা

file78flefwgwtl18azjg47x 1577992859

পাকিস্তানৰ ইতিহাসত প্রথমবাৰৰ বাবে বিত্তীয় সংকটৰ মাজতে প্রতি লিটাৰ পেট্র’লৰ মূল্য ১৫০ টকালৈ বৃদ্ধিৰ সম্ভাৱনা প্রকট হ’ল। পাকিস্তানী সংবাদ মাধ্যমত বাতৰি অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত যােৱা পহিলা ফেব্ৰুৱাৰীত পেট্রল আৰু ডিজেলৰ মূল্য প্রতি লিটাৰত ক্রমে ছয় আৰু পাঁচ টকাকৈ বৃদ্ধি পাইছিল।

শেহতীয়া খাৰুৱা তেলৰ এই মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ বজাৰত অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা পেট্র’ল আৰু ডিজেলৰ মূল্য লিটাৰত ক্রমে ১৩ আৰু ১৮ টকাকৈ বৃদ্ধি হােৱাৰ সম্ভাৱনা আছে।

বর্তমানে পাকিস্তানৰ বজাৰত পে’ট্রল লিটাৰত ১৪৭.৮৩ টকা আৰু হাইস্পীড ডিজেল লিটাৰত ১৪৪.৬২ টকা আৰু সাধাৰণ ডিজেল ১১৪.৫৪ টকা মূল্যত বিক্ৰী কৰা হৈছে।

Exit mobile version