কলগাছিয়া চাৰি আলি চ’কত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ

উত্তৰাখাণ্ডত বিজেপি এক নিৰ্বাচনী প্ৰচাৰ সভাত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীৰ পিতৃ কোন বুলি কৰা মন্তব্যৰ বিৰুদ্ধে আজিও ৰাজ্যত অব্যাহত প্ৰতিবাদ।

ADVERTISEMENT

আজি সন্ধিয়া কলগাছিয়া চাৰি আলি চ’কত যুৱ কংগ্ৰেছে ৰাহুল গান্ধীক লৈ কৰা অপমান সূচক মন্তব্যৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজক, হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰক, ৰাহুল গান্ধীক লৈ তাচ্ছিল্য মন্তব্য কৰা নচলিব আদি শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে কলগাছিয়াৰ পৰিবেশ উত্তাল কৰি তোলে।

Exit mobile version