চীনৰ পাঠ্যক্ৰমত ৰাষ্ট্ৰপতি জিনপিঙৰ গুণানুকীৰ্তন, কমিউনিষ্ট পাৰ্টি অৱ চাইনাৰ প্ৰতি অনুগত্যৰো দিয়া হয় প্ৰশিক্ষণ

GettyImages 1191628288

এখন দেশৰ শিক্ষা ব্যৱস্থা দেশখনৰ ভৱিষ্যতৰ বুনিয়াদ হয়। কিন্তু সমগ্র বর্ষজুৰি যদি শিশুৱে এজন ব্যক্তি আৰু এটা নির্দিষ্ট দলৰ বিশেষ গুণানুকীর্তন শুনিব লগা আৰু অধ্যয়ন কৰিব লগা হয়, তেন্তে সেই শিশুৰ বৌদ্ধিক বিকাশ নিশ্চিতভাৱে বাধাগ্রস্ত হ’ব।

ADVERTISEMENT

এনে ঘটনাই সম্প্রতি সংঘটিত হৈছে চীন। দেশখনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি চীনৰ বিদ্যালয়ত ৰাষ্ট্রবাদৰ নামত নতুন প্রজন্মক কেৱল দেশখনৰ ৰাষ্ট্রপতি জি জিনপিং আৰু তেওঁৰ দল কমিউনিষ্ট পার্টি অৱ চাইনা (চি পি চি)ৰ প্ৰতি আনুগত্য প্রদর্শনৰ পাঠদান-প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে।

চীনৰ প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয়লৈকে পাঠ্যক্ৰমত শিক্ষার্থীক ৰাষ্ট্রপতি জিনপিং আৰু চি পি চিৰ সন্দৰ্ভত বিভিন্ন বিষয় অধ্যয়ন বাধ্যতামূলক কৰা হৈছে। এনে পাঠ্যক্ৰমৰ জৰিয়তে চীনা শিক্ষার্থীসকলক এই জ্ঞান দিয়া হৈছে।

যে চি পি চিৰ প্রতি আনুগত্যশীল লােকসকলে হৈছে প্ৰকৃতাৰ্থত ভাল নাগৰিক। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে এতিয়া চীনা শিক্ষার্থীসকলেএইদৰে দেশখনৰ ৰাষ্ট্রপতি আৰু শাসকীয় কমিউনিষ্ট দলৰ নীতি-আদৰ্শৰ কথা অধ্যয়ন কৰাৰ লগতে ইয়াৰ প্রতি আনুগত্যশীল হ’বলৈ বাধ্য হৈছে।

নৈতিক শিক্ষা’, ‘দেশভক্তি শিক্ষা’, ‘নৈতিক চৰিত্ৰ শিক্ষা ‘আৰু ‘নাগৰিকত্ব শিক্ষা’ৰ দৰে পাঠৰ অধীনত চীনৰ শিক্ষানুষ্ঠানত এইদৰে শিক্ষার্থীসকলক দেশভক্তিৰ পাঠদান কৰা হৈছে।

Exit mobile version