ভাওৰাগুৰীত শ্ৰী শ্ৰী তাৰক ব্ৰহ্ম মহানামযজ্ঞ আৰু অষ্টকালীন লীলা কীৰ্ত্তন অনুষ্ঠানৰ হীৰক জয়ন্তী বৰ্ষ উদযাপন প্ৰস্তুতি সম্পন্ন

49eadc8e cc82 4847 9b24 07ac61d4e211

গোসাইগাও মহকুমাৰ ভাওৰাগুৰী বজাৰ হৰিসভা প্ৰাঙ্গনত ২৪ বছৰ ব্যাপি শ্ৰী শ্ৰী তাৰক ব্ৰহ্ম মহানাম যজ্ঞ আৰু অষ্টকালীন লীলা কীৰ্ত্তনৰ অনুষ্ঠানৰ আয়োজন কৰে।

উল্লেখ্য যে ভাওৰাগুৰী হৰিসভা কমিটিৰ সৌজন্যতা এইবাৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে উলহ-মালহেৰে অনুষ্ঠানটো উৎযাপন কৰিব।

কাৰ্যসূচী মতে, আজি অৰ্থাৎ মংগলবাৰে অধিবাস কীৰ্তন আদিতে আবেলি সখী সকলে কীৰ্তন নৃত্য কৰি গুৰুফেলা নদীৰ ঘাটৰ পৰা পানী আনে আৰু ৰাতি অধিৱেশন কীৰ্ত্তনৰ অন্তত ১৬ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰ ৰাতিপুৱাৰ পৰা ১৮ ফেব্ৰুৱাৰী লৈকে নামকীৰ্ত্তন আৰু ১৯ ফেব্ৰুৱাৰীত অষ্টকালীন লীলা কীৰ্ত্তন অনুষ্ঠিত হ’ব।

ইতিমধ্যে অনুষ্ঠানৰ প্ৰস্তুতি সম্পন্ন হৈছে বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে। চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ শিলিগুৰি,নাগুৰহাট,আলিপুৰ আৰু অসমৰ গোসাইগাৱৰ কীৰ্তনীয়া নাম কীৰ্তন প্ৰদৰ্শন কৰিব আৰু লীলা কীৰ্ত্তন পৰিৱেশন কৰিব পশ্চিম বংগৰ শিলিগুৰি, ফালাকাটা আৰু ধুবুৰী জিলাৰ বিলাসীপাৰাৰ কীৰ্ত্তনীয়াই।উক্ত অনুষ্ঠানত সকলো বৈষ্ণৱ তথা সমূহ কীৰ্তন প্ৰেমী ৰাইজক উপস্থিত থাকি অনুষ্ঠান টো সাফল্য মণ্ডিত কৰিবলৈ আয়োজক সমিতিয়ে আহ্বান জনায়।

Exit mobile version