Omicron : মুম্বাইত আক্রান্তৰ ৯৫ শতাংশৰ শৰীৰত অ’মিক্রন !

9 mumbai covid hospital 770x433 1

মুম্বাইত কৰ’নাৰ বাবে পৰীক্ষা কৰা নমুনাৰ প্রায় ৯৫ শতাংশই অ’মিক্রনত আক্রান্ত । নমুনাবোৰৰ জিনম পৰীক্ষা কৰাৰ পাছতেই এই তথ্য প্ৰকাশ্যত আহিছে । সোমবাৰে মুম্বাই পৌৰসভাৰ কর্মচাৰীসকলে এই বিষয়টো জনাইছে । পৰীক্ষা কৰা ১৯০টা নমুনাৰ ১৮০টা নমুনাতেই অ’মিক্রনৰ উপস্থিতি পোৱা গৈছে । বাকী নমুনাবোৰৰ ভিতৰত চাৰিজন ডেল্টা ৰূপত আৰু ছজন কৰ’নাৰ অন্য ৰূপত আক্রান্ত বুলিও জনাইছে । বৃহন্মুম্বাই পৌৰসভাৰ তৰফৰ পৰা এটা বিবৃতি জাৰি কৰি জনোৱা হৈছে যে, নমুনাবোৰৰ ন টা পৰ্যায়ত জিনম পৰীক্ষাৰ পাথত এই তথ্য প্ৰকাশ পাইছে ।

বৃহন্মুম্বাই পৌৰসভাৰ তৰফৰ পৰা মুঠ ২৮২ জন আক্রান্তৰ নমুনা সংগ্রহ কৰি জিনম পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল, যাৰ ভিতৰত ১৯০টা নমুনা মুম্বাইৰ পৰা সংগ্রহ কৰা হৈছিল । ২৮২ জন আক্রান্তৰ ভিতৰত মুঠ ২৪৮ জন অ’মিক্রন আক্রান্ত বুলি পৌৰসভা কর্তৃপক্ষ‌ই জনাইছে ।

উদ্বেগৰ বিষয় যে আক্রান্ত ১৯০ জনৰ ভিতৰত ২৩ জনৰ ইতিমধ্যে মৃত্যু হৈছে, যার ভিতৰত ২১ জন অ’মিক্রনত আক্রান্ত আছিল । ১৯০ জন আক্রান্তৰ ভিতৰত ১০৬ জনক হাস্পাতালত ভর্তি কৰা হৈছিল । ইয়াৰে নজনক অক্সিজেনৰ সহায়তা ৰখা হৈছিল আৰু ১১ জনক আইচিইউ-ত ৰখা হৈছিল । হাস্পাতালত ভর্তি কৰা আক্রান্তসকলৰ ভিতৰত ৫০ জনে ক’ভিডৰ দুটা টিকাই লৈছিল । পাঁচজনে এটা টিকা লৈছিল । বাকী ৫১ জনে ক’ভিডৰ এটা টিকাও লোৱা নাই বুলি কর্তৃপক্ষ‌ই জনাইছে ।

Exit mobile version