Parliament TV Hack : হেক হ’ল সংসদ টিভি, ইউটিউবত ব্যাহত সম্প্রচাৰ

365015 sansad tv

ইউটিউবৰ নির্দেশনা লংঘনৰ অভিযোগত ইউটিউবত সংসদ টিভিৰ একাউন্ট স্থগিত কৰা হৈছে । লোকসভা আৰু ৰাজ্যসভাৰ কার্যবিৱৰণি এই ইউটিউব চেনেলত সম্প্রচাৰ কৰা হয় । সংসদ টিভি-য়ে জনাইছে, তেওঁলোকৰ ইউটিউব চেনেল হেক হৈছে ।

পার্লিয়ামেন্ট টিভি-য়ে তেওঁলোকৰ অফিচিয়েল বিবৃতিত জনাইছে, ১৫ ফেব্রুৱাৰীত সংসদ টিভিৰ ইউটিউব চেনেল হেক কৰা হয় । ইউটিউবে নিৰাপত্তা সংক্রান্ত সমস্যাৰ মোকাবিলা কৰিছে ।

সংসদ টিভিৰ ইউটিউব একাউন্ট হেক কৰা হৈছে আৰু ইয়াৰ নাম পৰিৱর্তন কৰি এটা ক্রিপ্টো কাৰেন্সিৰ নামত ‘ইথেৰিয়াম’ ৰখা হৈছে । কর্মচাৰীসকলে জনাইছে, এই বিষয়টো গুগলক জনোৱা হৈছে । এজন কর্মচাৰীয়ে জনায়, হেকিঙৰ দৰে কিছু ঘটিছে । তেওঁ কয় যে গুগলত এটা অভিযোগ কৰা হৈছে আৰু তেওঁলোকে এইটো পৰ্যবেক্ষণ কৰিছে ।

ভাৰতত চাইবাৰ নিৰাপত্তাৰ ঘটনা পর্যবেক্ষণকাৰী নোডাল এজেন্সি, ইণ্ডিয়ান কম্পিউটাৰ ইমার্জেন্সি ৰেছপন্স টিমে (CERT-In) এই ঘটনাৰ বাবে সংসদ টিভিকো সতর্ক কৰিছে ।

সংসদ টিভিৰ মতে, ইউটিউবে স্থায়ীভাৱে নিৰাপত্তা সমস্যাৰ সমাধান কৰা আৰম্ভ কৰিছে আৰু যথা সম্ভৱ শীঘ্ৰে ইয়াক পুনৰুদ্ধাৰ কৰা হ’ব ।

Exit mobile version