তৃতীয় ঢৌত মুম্বাইত ক’ভিডত মৃতকৰ ৮৭ শতাংশ প্ৰবীণ নাগৰিক

COVID19Deaths 1200x666 1

দেশত কৰ’নাৰ সংক্রমণ যথেষ্ট হ্রাস পালেও এই ভাইৰাছত মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক হৈ আছে। যােৱা ২৪ ঘণ্টাত দেশত পুনৰ ৫১৪ জন ক’ভিড ৰােগীৰ মৃত্যু হ’ল।

ভাৰতত কৰ’নাৰ সংক্ৰমণৰ তৃতীয়টো টৌত যিমানসংখ্যক লােকৰ মৃত্যু হ’ল তেওঁলােকৰ বেছি ভাগেই হৈছে প্রবীণ নাগৰিক।

বৃহনমুম্বাই পৌৰ নিগম (বি এম চি)ৰ তথ্য অনুসৰি, নতুন বছৰৰ আৰম্ভণিৰে পৰা মুম্বাইত ৩০৪ ক’ভিড ৰােগীৰ মৃত্যু হৈছিল আৰু ইয়াৰে ৮৭ শতাংশই হৈছে প্রবীণ নাগৰিক।

বি এম চিৰ প্রতিবেদনত লগতে উল্লেখ কৰা মতে, প্রথম দুটা ঢৌৰ দৰে কৰ’নাৰ তৃতীয়টো ঢৌৰ সময়তাে সবাতােকৈ অধিক প্রাণ হেৰুৱালে অন্যান্য ৰােগত আক্রান্ত প্রবীণ নাগৰিকে।

বি এম চিৰ তথ্য অনুসৰি চলিত বৰ্ষত মুম্বাইত ৩০৪ ক’ভিড ৰােগীৰ মৃত্যু হৈছিল আৰু ইয়াৰে ২৬০ জনেই হৈছে। অন্যান্য ৰােগত পূৰ্বৰে পৰা আক্রান্ত হােৱা প্রবীণ নাগৰিক।

এই সময়ছােৱাত ১০ৰ পৰা ১৯ বছৰীয়া চাৰিজন আৰু ন বছৰৰ তলৰ এজন ক’ভিড ৰােগীৰ মৃত্যু হৈছিল।

Exit mobile version