নিষেধাজ্ঞা উঠোৱাৰ দাবী ইৰানৰ

986c92769818423b8399581b56feb910 18

পৰমাণু অস্ত্র সন্দৰ্ভত আলোচনাত বহিছে ‘বিশ্ব শক্তি’ । তেনে সময়তে তেওঁলোকৰ ওপৰৰ পৰা ‘নিষেধাজ্ঞা উঠোৱাৰ’ দাবীৰ লগতে ২০১৫ৰ পৰমাণু চুক্তি পুনর্নবীকৰণৰো দাবী জনালে ইৰানে ।

অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত হোৱা এই বৈঠকত ইৰানৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰাইছিয়ে কয়, ‘‘পৰমাণু চুক্তি পুনৰ সচল কৰিবলৈ দেশৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাসমূহ তুলি ল’ব লাগিব । ইৰানৰ দেশবাসীৰ অধিকাৰক সন্মান কৰিব লাগিব ।’’

ইৰানৰ লগতে এই বৈঠকত ব্রিটেইন, ফ্রান্স, জার্মানী আৰু ৰাছিয়াই প্ৰত্যক্ষভাৱে যোগ দিছে । পৰোক্ষভাৱে আছে আমেৰিকাও । উল্লেখ্য, ২০১৫ৰ পৰমাণু চুক্তিত তেহৰানৰ ওপৰত থকা একাধিক নিষেধাজ্ঞা লঘু কৰা হয় । ইয়াৰ পৰিৱর্তে পৰমাণু শক্তি সংক্রান্ত বিষয়ত বেছ কিছু নিষেধাজ্ঞা জাৰি কৰা হয় । ২০১৮ত তৎকালীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ নেতৃত্বত চুক্তি ভংগ কৰে আমেৰিকাই । ইয়াৰ পাছতে পৰমাণু বিষয়ত চুক্তি ভিত্তিক অৱস্থানৰ পৰা আঁতৰি আহে ইৰান ।

Exit mobile version