প্ৰসিদ্ধ সংগীত শিল্পী তথা সংগীত পৰিচালক বাপ্পী লাহিৰিৰ (Bappi Lahiri) দেহাৱসান। ৬৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে লাহিৰিয়ে।
ADVERTISEMENT
তথ্য অনুসৰি,মুম্বাইৰ ক্ৰিটিকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বাপ্পী লাহিৰিয়ে। ডিস্ক’ ডান্সাৰ, শাৰাবী আৰু নমক হালালৰ দৰে ছুপাৰহিট ছবিৰ বাবে গান গাইছিল বাপ্পী লাহিৰিয়ে।
১৯৫২ চনত ২৭ নৱেম্বৰত পশ্চিম বংগৰ জলপাইগুৰিত জন্ম গ্ৰহণ কৰে বাপ্পী লাহিৰিয়ে।
চিকিৎসালয়ৰ সঞ্চালক ডাঃ দীপকে জনাই যে বাপ্পী লাহিৰিক এমাহ পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু সোমবাৰে তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।
মঙলবাৰে তেওঁৰ স্বাস্থ্য পুনৰ অৱনতি ঘটে আৰু চিকিৎসালয়ত ভৰ্তি কৰোৱা পাছতে নিশা তেওঁৰ মৃত্যু হয়।