ফাগুন সনা গান, ৰাগ অডিঅ’ লেবট মুক্তি ‘মোৰ গান’ শীৰ্ষক গীতৰ

ফাগুনৰ সুবাস ছটিয়াই অষ্টম শ্ৰেণীৰ ছাত্ৰী আইলীনে মুকলি কৰিছে নিজৰ আন এটি সুন্দৰ গীত । নিচেই কণমানিৰে পৰা গীত গাই অহা আইলীনে ফাগুনৰ সুবাস ছটিয়াই মুকলি কৰি দিছে সুন্দৰ কন্ঠৰ ‘মোৰ গান’ শীৰ্ষক গীতটি । ৰাগ অডিঅ’ লেবত এক ব্যতিক্ৰমী ৰূপত গীতটি উন্মোচন কৰে সাংবাদিক বিনন ফুকনে । অডিঅ’ৰ লগতে সুন্দৰ ভিডিঅ’ সংযোগ দেখা গৈছে গীতটিত ।

নুমলীগড়ৰ বিষ্ণুপুৰৰ অৰুন গগৈ আৰু ৰুনজুন গগৈৰ কন্যা আইলীন নুমলীগড়ৰ ডিপিএছ স্কুলত অষ্টম শ্ৰেনীত অধ্যয়ন কৰি আছে । সৰুৰে পৰা গীত গোৱা আইলীনৰ আছে গীতেৰে আকাশ চোৱাৰ মন ।

Exit mobile version