সালেকুৰা গাঁৱৰ পথ নিৰ্মাণ কমিটীৰ সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

সংবাদমেল সম্বোধন মইনুল হক চৌধুৰীৰ

বৰপেটা জিলাৰ জনীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত সালেকুৰা গাঁৱৰ ৬ নং ৱাৰ্ডৰ এটা পথ নিৰ্মাণ কাৰ্যৰ নিৰ্মাণ কমিটীৰ সভাপতিয়ে দুৰ্নীতি কৰাৰ অভিযোগ সম্প্ৰচাৰ হোৱাত আজি সংবাদমেল সম্বোদন কৰে । কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি নিৰ্মাণ কমিটীৰ সভাপতি মইনুল হক চৌধুৰীয়ে কয় যে কামটো যিহেতু চলি আছে তেনেস্থলত দুৰ্নীতিৰ প্ৰশ্নই নাহে । কাৰণ প্ৰথম কিস্তিৰ ধনেৰে কামখিনি কৰাৰ পাছত দ্বিতীয় কিস্তিৰ টকা মোকলাই দিছে যদিও কিছু বিলম্ব হৈ আছে বুলি কয় ।

কিন্তু তেনে সময়তে কামৰ আতিগুৰি নজনাকৈয়ে উদ্দেশ্য প্ৰণোদিতভাৱে ‘বেকী এক্সপ্ৰেছ’ নামৰ ফেচবুক পেজত বাতৰি পৰিবেশন কৰাটো অতি দুৰ্ভাগ্যজনক বুলি নিৰ্মাণ কমিটীৰ সভাপতিয়ে কয় । সেয়ে ‘বেকী এক্সপ্ৰেছ’ৰ সাংবাদিকক ভৱিষ্যতে তথ্য ভিত্তিক তথা বাতৰি পৰিবেশনৰ নীতি-নিয়ম জানি বুজি বাতৰি কৰিবলৈ আহ্বান জনায় । প্ৰকাশিত বাতৰিটো সম্পূৰ্ণ আক্ৰোশমূলক আৰু নিৰ্মাণ কমিটীৰ সভাপতি চৌধুৰীক সমাজত হেয় প্ৰতিপন্ন কৰাৰ কু-অভিসন্ধি বুলিও কয় ।

তেওঁৰ বিৰুদ্ধে আপত্তিজনক শব্দ প্ৰয়োগ আৰু ভুৱা বাতৰি পৰিবেশন কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে আইনৰ আশ্ৰয় লোৱা সন্দৰ্ভত কয় যে নিৰ্মাণ কমিটী, প্ৰেছ ক্লাৱৰ বিষয়ববীয়া, মুৰব্বী সমাজৰ মতামত লৈ সিদ্ধান্ত লোৱা হ’ব ।

Exit mobile version