Rail : ই-কমাৰ্ছ সংস্থাৰ স’তে প্ৰতিযোগিতা, এইবাৰ পণ্যৰ হোম ডেলিভাৰী আৰম্ভ কৰিছে ৰেলে

punjab mail3 low res

দেশৰ ই-কমাৰ্ছ সংস্থাসমূহৰ স’তে এইবাৰ প্রতিযোগিতাত নামিছে ভাৰতীয় ৰেল । কোনো ৰাজ্যৰ পৰা অন্য ৰাজ্যলৈ পণ্য আমদানি বা ৰপ্তানি কৰিবলৈ, এতিয়াৰ পৰা আপোনাক সহায় কৰিব ৰেলে । অতি শীঘ্রে পণ্যৰ হোম ডেলিভাৰী আৰম্ভ কৰিছে ভাৰতীয় ৰেলে । এই সম্পৰ্কত পৰীক্ষামূলক কাৰ্য আৰম্ভ হৈছে ।

ৰেলৰ তৰফৰ পৰা সংবাদমাধ্যমত জনোৱা হৈছে, পণ্য ডেলিভাৰীৰ বাবে এটা এপ্ তৈয়াৰ কৰা হ’ব । সেই এপৰ পৰাই সকলো বিস্তাৰিত তথ্য পোৱা যাব । ইয়াৰ উপৰি ৰেলৰ ৱেবছাইটৰ পৰা জানিব পাৰিা যে আপোনাৰ পণ্য পৰিবহনৰ বাবে কিমান চার্জ লাগিব । কিমান সময় লাগিব তথা আপোনাৰ পণ্য ক’ত আছে ।

সূত্রৰ খবৰ, ঘৰে ঘৰে পণ্য পঠাবৰ বাবে পোষ্ট অফিচৰ নেটৱর্ক ব্যৱহাৰ কৰা হ’ব পাৰে । পৰিবহণ নেটৱর্ক তৈয়াৰৰ বাবে ৰেলৰ প্রত্যেকটো জ’নক নির্দেশ দিয়া হৈছে । এই সম্পৰ্কত ডেডিকেটেড ফ্রেট কৰিড’ৰ কর্পোৰেচনৰ স’তে ৰেলে যোগাযোগ কৰিছে ।‌ আগন্তুক জুন-জুলাইত দিল্লীৰ পৰা গুজৰাটৰ সানন্দ পর্যন্ত আৰম্ভ হ’ব এই সেৱা ।

Exit mobile version