কেন্দ্ৰৰ বিধিনিষেধ উঠাই লোৱাৰ বাৰ্তা পাছদিনাই দেশত বৃদ্ধি দৈনিক আক্ৰান্ত আৰু পজিটিভ ৰেট

2022 1largeimg 528234483

দেশখনত একেৰাহে তিনি সপ্তাহতকৈও অধিক সময় ধৰি কৰ’না সংক্ৰমণৰ গ্ৰাফ হ্ৰাস পাই আহিছে। বিগত কেবামাহমানত আৰোপ কৰা অতিৰিক্ত কৰ’না প্ৰতিবন্ধকতা উঠাই লোৱাৰ কথা চিন্তা কৰা হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে ৰাজ্য চৰকাৰসমূহলৈ চিঠি লিখিছিল। কিন্তু নিশা, পুনৰ চিন্তাত পেলাইছে কৰ’নাৰ বৃদ্ধিয়ে । এদিন দৈনিক আক্ৰান্ত আৰু পজিটিভ হাৰ দুয়োটাই আগৰ দিনৰ তুলনাত অলপ বৃদ্ধি পাইছে।

বৃহস্পতিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰকে দিয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৩০ হেজাৰ ৭৫৭জন।যি কালিৰ তুলনাত সামান্য হ’লেও বেছি ।

এই মুহূৰ্তত ভাৰতত কৰ’না পজিটিভ ৰেট ২.৬১ শতাংশ এই পজিটিভ ৰেটো আগৰ তুলনাত অধিক । যদিও প্ৰতিবন্ধকতা আৰোপ কৰি আৰু টিকাকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি যোৱা কেবাসপ্তাহমানৰ তুলনাত সংক্ৰমণ হ্ৰাস পাইছে, তথাপিও দেশৰ মৃত্যুৰ হাৰ উদ্বেগজনক। ।

ভাৰতত, এদিনতে কৰ’নাত ৫৪১ জন লোকে প্ৰাণ হেৰুৱাইছে। এইটো কালিতকৈ বহুত বেছি। এতিয়ালৈকে, দেশত ক’ভিডৰ ফলত পাঁচ লাখ ১০ হেজাৰ ৪১৩ জন লোকৰ মৃত্যু হৈছে।

অৱশ্যে, সক্ৰিয়ৰোগীৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে। বৰ্তমান, দেশত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে তিনি লাখ ৩২ হেজাৰ ৯১৮ । ইয়াৰ ভিতৰত বিগত ২৪ ঘণ্টাত, একেটিভ কেছ কমিছে ৩৭হেজাৰতকৈও অধিক ।

https://twitter.com/explore/tabs/covid-19?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1494153113678532612%7Ctwgr%5E%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.sangbadpratidin.in%2Findia%2Fcoronavirus-india-reports-30757-fresh-covid-cases-541-deaths%2F

এই পৰ্যন্ত সুস্থ হৈ ঘৰলৈ উভতি আহিছে চাৰি কোটি ১৯লাখ ১০ হেজাৰ ৯৮৪ জন । সুস্থতাৰ হাৰ ৯৮.০৩ শতাংশ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে ১৭৪ কোটিৰো অধিক কৰ’না ভেকছিন প্ৰদান কৰা হৈছে।

ইয়াৰ ভিতৰত, যোৱা ২৪ ঘণ্টাত ৩৪ লাখৰো অধিক লোকে ভেকছিনে গ্ৰহণ কৰিছে। টিকাকৰণৰ লগতে, পৰীক্ষাও আগৰ দৰে চলি আছে।

Exit mobile version