আমেৰিকাৰ পাছত ব্ৰিটেইনত ৩০ বছৰৰ সৰ্বাধিক হ’ল মুদ্ৰাস্ফীতি

3636925

ভাৰত, আমেৰিকা, পাকিস্তানসহ বিশ্বৰ বহু দেশে সম্প্ৰতি ভয়াৱহ মুদ্ৰাস্ফীতিৰ সমস্যাৰ সন্মুখীন হৈছে । আমেৰিকাত সম্প্ৰতি ৪০ বছৰৰ পাছত মুদ্ৰাস্ফীতিয়ে অভিলেখ ৰচিলে । এইবাৰ ব্ৰিটেইনত ৩০ বছৰৰ পাছত সৰ্বাধিক হ’ল মুদ্ৰাস্ফীতিৰ হাৰ ।

জানুৱাৰীত ব্ৰিটেইনত উপভোক্তা মূল্য সূচাংক (চি পি আই) ৫.৫ শতাংশলৈ বৃদ্ধি পালে । প্ৰকাশিত বাতৰি অনুসৰি, ৩০ বছৰৰ পাছত ব্ৰিটেইনত ইমান অধিক মুদ্ৰাস্ফীতি হ’ল । যোৱা ডিচেম্বৰত দেশখনত চি পি আই ৫.৪ শতাংশলৈ বৃদ্ধি পাইছিল ।

উল্লেখ্য যে ১৯৯২ত ব্ৰিটেইনত মুদ্ৰাস্ফীতিয়ে সৰ্বাকালৰ শীৰ্ষত আৰোহণ কৰিছিল আৰু উক্ত বৰ্ষত দেশখনত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৭.২ শতাংশ ।

Exit mobile version