মেষঃ কৰ্মস্থানত শুভ; ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ বলিষ্ঠ পদক্ষেপ ল’ব পাৰিব; পাৰিবাৰিক মধ্যম; বিদ্যাত শুভ; মেৰুণ শুভ ৰং, শুভ সংখ্যা ৩ ।
বৃষঃ মাটি, সম্পত্তি ক্ৰয় কৰিব পাৰিব; ব্যৱসায়ত মধ্যম; বিদ্যাত বাধাৰ সন্মুখীন হ’ব পাৰে; পৰিৱেশ অস্থিৰ; শুভ ৰং নীলা, শুভ সংখ্যা ৬ ।
মিথুনঃ মাটিবাৰী লেঠা শেষ হ’ব; পুৰণি ৰোগে কষ্ট দিব পাৰে; কৰ্মত মধ্যম; ৰাজনীতিৰ জড়িত ব্যক্তি শুভ; ভ্ৰমণৰ যোগ; শুভ সংখ্যা ২; শুভ ৰং ৰূপালী ।
কৰ্কটঃ হতাশ দূৰ হ’ব; কৰ্মস্থানত সাৱধান হওক; বন্ধুৰ পৰা আঁতৰত থাকক; হাতলৈ ধন আগমন; প্ৰেমত মধ্যম, বগা শুভ ৰং; শুভ সংখ্যা ১ ।
সিংহঃ দৃঢ় মত পোষণ কৰি আনন্দিত হ’ব; কৰ্মত শুভ; পাৰিবাৰিক কিছু সমস্যা থাকিব; শিৱৰ মন্ত্ৰ স্মৰণ কৰক; শুভ ৰং হালধীয়া; শুভ সংখ্যা ৫ ।
কন্যাঃ নতুন কৰ্মসংস্থাপনৰ বাট মুকলি; প্ৰেমত জটিলতা; ওচৰ চুবুৰীয়াৰ লগত মিলিজুলি থাকিব; বিদ্যাত মধ্যম; শুভ ৰং ক’লা; শুভ সংখ্যা ৩ ।
তুলাঃ বন্ধুৰ দ্বাৰা উপকৃত হ’ব; কৰ্ম আৰু আৰ্থিকত শুভ; সন্মান বৃদ্ধি; আনক সহায় কৰি আনন্দিত হ’ব; শুভ ৰং মুগা, শুভ সংখ্যা ৮ ।
বৃশ্চিকঃ কৰ্মস্থানত নিৰৱতা অৱলম্বন কৰক; পাৰিবাৰিক উৎকণ্ঠা বৃদ্ধি; সামাজিক স্থিতি উন্নত; ব্যয় বৃদ্ধি; শুভ ৰং মাখন, শুভ সংখ্যা ৪ ।
ধনুঃ বিদ্যাৰ প্ৰতি নজৰ দিব; শাৰীৰিক মধ্যম; মনৰ অস্থিৰতা দূৰ কৰক; বন্ধুৰ পৰা লাভ; আৰ্থিক শুভ; ব্যয় কম; শুভ ৰং ৰঙা, শুভ সংখ্যা ৯ ।
মকৰঃ কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা পদোন্নতি; শৰীৰৰ প্ৰতি যত্ন ৰাখক । আকোৰগোজ মনোভাৱ নাৰাখিব; শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭ ।
কুম্ভঃ কৰ্মস্থানত ব্যস্ততা; মাটি, গাড়ী ক্ৰয় কৰিব পাৰিব । দাম্পত্য মধ্যম । মানসিক চিন্তাৰ পৰা আঁতৰত থাকক; শুভ ৰং গোলপীয়া, শুভ সংখ্যা ৬ ।
মীনঃ অৰ্থ লাভ; কৰ্মত মধ্যম; মনৰ দৃঢ়তা ৰাখক; ধৰ্মস্থান ভ্ৰমণ কৰিব পাৰিব; বিদ্যাত শুভ; পাৰিবাৰিক মধ্যম; শুভ ৰং বগা, শুভ সংখ্যা ৩ ।