কৰ’নাত আক্ৰান্ত হৈ জটিল অৱস্থাত পৰি হাস্পতালৰ ভেণ্টিলেচনত আছিল পত্নী । ব্যক্তিগত হাস্পতালৰ বিপুল পৰিমাণৰ বিল পৰিশোধ কৰাৰ বাবে নিজৰ এমবিবিএছ ডিগ্ৰীকেই বন্ধকত ৰাখিলে তেওঁৰ চিকিৎসক স্বামীয়ে । ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ৰ এই ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে ।
ৰাজস্থানৰ বাসিন্দা ৩২ বছৰ বয়সীয়া ডাঃ সুৰেশ চৌধুৰীয়ে পত্নী অনিতা আৰু পাঁচ বছৰৰ পুত্ৰৰ স’তে পালি জিলাৰ খেৰুৱা অঞ্চলত বাস কৰে । যোৱা বছৰ দ্বিতীয় ঢৌত হঠাৎ অসুস্থ হৈ পৰে অনিতা । তেওঁৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে । শ্বাস-প্ৰশ্বাসৰ কষ্টসহ অন্যান্য উপসৰ্গ বাঢ়ি থকাত চৌধুৰীয়ে পত্নীক স্থানীয় চৰকাৰী হাস্পতাললৈ নিয়ে । অৱশ্যে ৰোগীৰ ভিতৰত বিছনা নাপালে । বাধ্য হৈ তেওঁ পত্নীক যোধপুৰ এইম্ছত ভৰ্তি কৰালে । ইফালে, নিজেও চিকিৎসক হোৱাৰ বাবে ক’ভিড পৰিস্থিতিত পত্নীৰ শুশ্ৰূষাৰ বাবে দীঘলীয়া ছুটি লোৱাটো তেওঁৰ বাবে সম্ভৱ নাছিল । সেয়ে নিকটাত্মীয়ক পত্নী আৰু সন্তানৰ চোৱাচিতাৰ ভাৰ দি তেওঁ সেই সময়ত নিয়মিত হাস্পতালৰ দায়িত্ব পালন কৰিবলগীয়া হৈছিল । ইপিনে, দিনে দিনে অনিতাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে ।
চৌধুৰীয়ে জানিব পাৰে যে পত্নীৰ হাওঁফাওঁৰ ৯৫ শতাংশ বিকল হৈ পৰিছে । তেতিয়ালৈ চিকিৎসকেও অনিতাৰ আশা এৰি দিছিল । অৱশ্যে পত্নীক সুস্থ কৰি ঘৰলৈ ঘূৰাই আনিবলৈ বদ্ধপৰিকৰ আছিল ডাঃ চৌধুৰী । উন্নত চিকিৎসাৰ বাবে তেওঁ পত্নীক এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায় । সেই হাস্পতালত অনিতাক ভেণ্টিলেটৰত ৰাখিবলগীয়া হয় । কিয়নো ইতিমধ্যে ওজন ৫০ৰ পৰা ৩০ কিলোগ্ৰামলৈ হ্ৰাস পাইছিল, প্ৰায় বিকল হৈ পৰিছিল হাওঁফাওঁ আৰু হৃদপিণ্ড । ইকম’ যন্ত্ৰৰ সহায়ত কোনোমতে তেওঁৰ প্ৰাণটো বৰ্তি আছিল ।
ইফালে, বেচৰকাৰী হাস্পতালখনত সেই চিকিৎসা চলোৱাৰ বাবে দৈনিক প্ৰায় এক লাখ টকাৰ প্ৰয়োজন আছিল । সেই পৰ্বতপ্ৰমাণ বিলৰ বাবে জমা থকা ১০ লাখ টকা নিমিষতে শেষ হৈছিল । তথাপি আশা এৰা নাছিল ডাঃ চৌধুৰীয়ে । বাকী প্ৰয়োজনীয় ধন যোগাৰ কৰাৰ বাবে যুৱ চিকিৎসকজনে নিজৰ এমবিবিএছ ডিগ্ৰীকে বন্ধকত থোৱাৰ সিদ্ধান্ত লয় । তাৰ বিনিময়ত তেওঁ ৭০ লাখ টকা পায় । ইয়াৰ উপৰি মাটি বিক্ৰী, বন্ধুৰ পৰা ঋণ আদি লৈ আৰু কিছু ধন যোগাৰ হয় । অৱশেষত হাস্পতালৰ বিল পৰিশোধ কৰি পত্নীক সম্পূৰ্ণ সুস্থ কৰি ঘৰলৈ আনিবলৈ সক্ষম হয় ডাঃ চৌধুৰী । তেওঁৰ এই ত্যাগে সম্প্ৰতি যথেষ্ট প্ৰশংসা বুটলিছে ।