Shah Rukh Khan : পুনৰ শ্বুটিঙলৈ উভটিল শ্বাহৰুখ

In India film star Shah Rukh Khan in the sights

বিগত কেবামাহ ধৰি মানসিক চাপৰ মাজতে দিন কটাইছিল বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানে ।পুত্ৰ আৰিয়ান খানক লৈ ব্যক্তিগত সংকটৰ বাবে নিজৰ কামৰ পৰা কিছুদিনৰ বিৰতি লৈছিল কিং খানে ।

ইতিমধ্যে শ্বাহৰুখ খানৰ অভিনীত ৰাজকুমাৰ হিৰানিৰ পৰৱৰ্তী ছবিৰ ছেট প্ৰস্তুত হৈছে ফিল্ম চিটিত ।এটলীৰ পৰিচালিত নিজৰ হোম প্ৰডাকচনৰ চলচ্চিত্ৰৰ বাবে দক্ষিণ মুম্বাইত অহা সপ্তাহৰ পৰাই দৃশ্যগ্ৰহণ আৰম্ভ কৰিব অভিনেতাজনে ।

আৰিয়াক গ্ৰেপ্তাৰ হোৱাৰ পাছত চিত্ৰগ্ৰহণ বন্ধ কৰা হৈছিল পাঠান চলচ্চিত্ৰখনৰ। সূত্ৰ অনুসৰি, বাকী থকা দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিবলৈ স্পেইনলৈ যাব শ্বাহৰুখ। স্পেইনৰ পৰা উভতি আহি পৰিচালক এটলীৰ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ পুনৰ আৰম্ভ কৰিব শ্বাহৰুখে।

বিগত বৰ্ষৰ ২১ ছেপ্টেম্বৰত , এটলীৰ চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছিল শ্বাহৰুখে । এই চলচ্চিত্ৰ তেওঁৰ লগত দেখা যাব নয়নতাৰাক ।

এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণ পুনেত আৰম্ভ হৈছিল। নতুন ছবিখনৰ দৃশ্যগ্ৰহণৰ মাজতে এছ আৰ কেৰ আন কাম পাঠানৰ দৃশ্যগ্ৰহণো চলি আছিল।

Exit mobile version