অতিমাৰী শেষ হোৱা বুলি ভবা দেশক সতৰ্ক কৰিলে ‘হু’ৱে

AFP 9AN629 1626331051697 1626331083186

অ’মিক্রন কম বিপজ্জনক আৰু উন্নত দেশসমূহত টিকাকৰণৰ হাৰ বেছি। এই দুটা বিষয়বস্তুক কেন্দ্র কৰিয়েই কৰ’না ভাইৰাছক মানুহে আগৰ দৰে বিপজ্জনক বুলি গণ্য নকৰা হৈছে।

ইয়াৰ ফলতে বহুতৰে মনত ধাৰণাৰ সৃষ্টি হৈছে যে অতিমাৰীৰ পর্ব এতিয়া অন্তিম ক্ষণত উপস্থিত হৈছে। অথচ এই ধাৰণা একেবাৰে ভুল বুলি দাবী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

হু’ৰ তৰফৰ পৰা বিশ্ববাসীক সতর্ক কৰি দি কৈছে যে কৰ’নাৰ অধিক বিপজ্জনক তথা আৰু সংক্রামক প্রজাতিৰ আগমনৰ বাবে এয়াই আদর্শ সময়। ‘হু’ৰ সঞ্চালক প্রধান ট্রেড্র’ছ এধানম ঘেব্রিয়াছাছে এই প্রসংগত কয়, “এতিয়া কৰ’নাৰ অধিক বিপজ্জনক তথা সংক্ৰামক ৰূপ বিয়পি পৰাই বাবে আদর্শ সময়।

আজিৰ পৰা দুবছৰৰ পূর্বে আমি যেতিয়া কৰ’নাৰ সন্দৰ্ভত প্রথম আলােচনা কৰিছিলাে, তেতিয়া হয়তাে বহুতেই ভাবিব পৰা নাছিল যে আজি আমি এই মহামাৰীৰ তৃতীয় বছৰত ভৰি দিম। অথচ তৃতীয় বছৰত ভৰি দিয়া সত্ত্বেও ক’বলগীয়া হৈছে যে এই অতিমাৰীৰ নতুন নতুন ৰূপৰ আগমনৰ এয়াই আদর্শ সময়।

উল্লেখ্য যে ক’ভিড অতিমাৰী এতিয়াই শেষ হােৱা নাই তথা ইয়াৰ পাছতাে যে নতুন ৰূপ আহিব পাৰে, সেই কথা ‘হুৱে প্ৰায়েই কৈ আহিছে। হু’ৰ প্রধান বিজ্ঞানী সৌম্য স্বামীনাথনে কিছু দিন পূর্বেই মন্তব্য কৰিছিল, ‘আমি কৰ’না ভাইৰাছক বিবর্তিত হােৱা দেখা পাইছাে, পৰিৱৰ্তিত হােৱাও দেখিছাে।

সেয়ে আমি জানাে, এই ভাইৰাছৰ আৰু ৰূপ থাকিব। উদীগ্ন হােৱাৰ দৰে ৰূপাে থাকিব। সেয়ে আমি এতিয়াও অতিমাৰীৰ অন্তিম পবলৈ অহা নাই। ‘আনহাতে, ‘হু’ৱে মন্তব্য কৰিছে যে এই মুহূর্তত বিশ্বৰ পৰা অতিমাৰীয়ে বিদায় লােৱাৰ কোনাে সম্ভাৱনা নাই।

বৰঞ্চ ক’ভিড-১৯ৰ আৰু নতুন প্ৰজাতিৰ আবিৰ্ভাৱ ঘটিবলৈ গৈ আছে, যি হ’ব অমিক্রনৰ তুলনাত অধিক ভয়ংকৰ। ২০২০ত ‘হু’ৱে কৰ’নাৰ ডেল্টা ৰূপক ‘ভয়ংকৰ’ আখ্যা দিছিল।

কিয়নাে ডেল্টা আছিল তাৰ আগৰ আলফা প্রজাতিতকৈ ৫০ শতাংশ বেছি সংক্রামক। ইয়াৰ পাছত যােৱা বছৰ মূৰ দাঙি থিয় দিয়ে অমিক্রনে, যি অধিক দ্রুতহাৰত বিয়পি পৰে।

এতিয়া আৰু ভয়াৱহ প্রজাতিৰ আগমনৰ সম্ভাৱনাক কেন্দ্ৰ কৰিয়ে আগতীয়াকৈ সতর্ক কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। অৱশ্যে সকলাে প্ৰকাৰৰ নিশাৰ কথা কোৱা নাই ‘হু’ৰ মুৰব্বীজনে।

ঘেব্রিয়েছাছে কয়,’এই অতিমাৰী শেষ হােৱাটো আমাৰ ওপৰতে নিৰ্ভৰ কৰিছে। অধিক কঠোৰভাৱে আমি বিধিসমূহ মানিব লাগিব। আফ্রিকাৰ ৮৩ শতাংশ লােকে এতিয়াও ক’ভিড প্রতিষেধক এটা পালিও পােৱা নাই।

তেওঁলােকক প্রতিষেধক প্রদানৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ বাবে উন্নত দেশসমূহে সাহায্যৰ হাত আগবঢ়াব লাগিব।’

Exit mobile version