যোৰহাটত নিমাতীঘাট পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

103579aa 1957 4289 81c6 565457e2697f

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি যোৰহাটৰ নিমাতীঘাটত উপস্থিত হৈ মথাউৰিৰ চলি থকা কাম কাজ সমূহৰ বুজ লয়৷

মন্ত্ৰীগৰাকীয়ে আগন্তুক বানপানীৰ পৰা সাম্ভাব্য খহনীয়া ৰোধৰ ক্ষেত্ৰত ল’ব পৰা ব্যৱস্থাৱলীৰ সম্পৰ্কত বিভাগীয় বিষয়াসকলৰ লগত আলোচনা কৰে ৷ নিমাতীঘাটত বৰ্তমান ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ৰ্জিঅ’ বেগ, পাৰ্কুপাইন আৰু বুল হেডৰ কাম চলি আছে ৷

এইক্ষেত্ৰত পাৰ্কুপাইনৰ বানপানি ৰোধৰ ক্ষমতা বেছি হোৱা বাবে মন্ত্ৰীগৰাকীয়ে জিঅ’বেগতকৈ পাৰ্কুপাইনৰ ব্যৱহাৰ আগলৈ অধিক কৰা হ’ব বুলি জানিবলৈ দিয়ে৷

আনহাতে পূৰ্বৰ তুলনাত মথাউৰি কম কৈ ভাঙিছে বুলি কোৱাৰ লগতে ৭০ শতাংশ বান নিয়ন্ত্ৰন কৰিব পৰা যাব বুলিও তেওঁ আশা প্ৰকাশ কৰিছে৷ মন্ত্ৰীগৰাকীয়ে কয় যে বাৰিষাৰ আগতে মথাউৰিৰ চলি থকা কাম কাজ সমূহ শেষ হ’ব আৰু আগন্তুক বান নিয়ন্ত্ৰনৰ ক্ষেত্ৰত জলসম্পদ বিভাগ সম্পূৰ্ণভাৱে সাজু ৷

পৰিদৰ্শন কালত জলসম্পদ মন্ত্ৰী গৰাকীৰ লগত উজনি অসম সংমণ্ডলৰ অনুসন্ধান কাৰ্যৱাহী অভিযন্তা বুদ্ধিনাথ শ্যামৰ লগতে বিভাগীয় অনান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷

Exit mobile version