শৰীৰত পানী জমা হৈ ফুলা ভাব হৈছে নেকি ?

187978 2200 1200x628 1

কেতিয়াবা শৰীৰত বিভিন্ন কাৰণত পানী জমা হ’ব পাৰে। এনেদৰে পানী জমা হােৱাৰ ফলত বিভিন্ন সমস্যাই গা কৰি উঠে। যদিহে উপযুক্ত চিকিৎসা আৰু সতর্কতা অৱলম্বন কৰা নহয় তেতিয়াহ’লে বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠে।

সাধাৰণতে যিসকল লােকে দীর্ঘদিন ধৰি থায়ৰয়ডৰ ঔষধ সেৱন কৰে, হৰম’নজনিত সমস্যা থাকে আৰু ডায়েবেটিছত আক্রান্ত হৈ যদি শৰ্কৰা নিয়ন্ত্রণত নাথাকে তেতিয়াহ’লে এনে হ’ব পাৰে।

যেতিয়া কোষত অতিৰিক্ত পানী জমা হয় তেতিয়াই ক্লান্তি হােৱাৰ আশংকা থাকে। কেতিয়াবা শৰীৰৰ কোষত প্রয়ােজনতকৈ বেছি পানী জমা হয়, ফলত শৰীৰটো ফুলি উঠে।

চিকিৎসা বিজ্ঞানৰ ভাষাত এনে অৱস্থাক ইডিমা বা ৱাটাৰ ৰিটেনচন বুলি কোৱা হয়। উল্লিখিত কাৰণসমূহৰ উপৰি অতিৰিক্তভাৱে নিমখ খালেও এনে ধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। শৰীৰত পানীৰ পৰিমাণ ভাৰসাম্য হৈ থাকিব লাগে।

কাৰণ পানীৰ পৰিমাণ স্বাভাৱিক হৈ থাকিলেহে শৰীৰৰ বিভিন্ন অংশৰ কোষসমূহে সুস্থভাৱে কার্য সম্পাদন কৰিব পাৰিব। যেতিয়া বেছি পানী জমা হ’বলৈ ধৰে তেতিয়া বহুতাে সমস্যাৰ সৃষ্টি হয়। বিশেষকৈ শৰীৰত শক্তি নাথাকে। আনকি দৈনন্দিন কাম-কাজ পৰিচালনা কৰিবলৈ মন নাযায়।

এনে ধৰণৰ সমস্যা সৃষ্টিৰ আঁৰতাে জিনগত প্রভাৱ নুই কৰিব নােৱাৰি। আনহাতে, মহিলাসকলৰ মাহেকীয়াৰ সমস্যা থাকিলেও এনে হ’ব পাৰে। যিসকল মহিলাই দীর্ঘদিন ধৰি মাহেকীয়াৰ সমস্যাত আক্রান্ত হৈছে তেওঁলােকৰ এনে ৰােগ হােৱাৰ আশংকাই অধিক।

শৰীৰত অতিৰিক্ত পানী জমা হােৱা মানেই ক্ষতিকাৰক বর্জ্য বাহিৰলৈ ওলাই যাব নােৱৰা।

 

শৰীৰত পানী জমা নহ’বলৈ কি কি কৰিব

শৰীৰত অতিৰিক্ত পানী জমা হােৱাটো তেনেই বিপজ্জনক। সেইবাবে শৰীৰত যাতে সহজে অতিৰিক্ত পানী জমা হ’ব নােৱাৰে তাৰ বাবে সতর্কতা অৱলম্বন কৰিবই লাগিব।

প্রথমতে খাদ্য গ্রহণ কৰােতে এটা কথা মনত ৰাখিব লাগিব, যাতে খাদ্য সম্ভাৰত বেছি নিমখ নাথাকে। তদুপৰি কেঁচা নিমখ খােৱাৰ অভ্যাস আতৰ কৰিবই লাগিব। কিয়নাে নিমখত থকা ছ’ডিয়ামে যিকোনাে সময়তে বিষাদ ঘটাব পাৰে।

আজি-কালি বজাৰত উপলব্ধ আচাৰ, চীপছ, ফাষ্ট আদিত প্রয়ােজনতকৈ বেছি নিমখ থাকে। সেইবাবে এনে ধৰণৰ খাদ্যৰ পৰা আঁতৰি থকাটোৱে মংগলজনক। দৈনন্দিন খাদ্য তালিকাত মেগনেছিয়ামযুক্ত খাদ্য সম্ভাৰ অন্তর্ভুক্ত কৰা উচিত।

সেইবাবে খাদ্য তালিকাত প্ৰচুৰ পৰিমাণে শাক-পাচলি ৰাখিবই লাগিব। নিতৌ কল, আলু, ভিটামিন বি-৬, আখৰুট আদি খালেও বিভিন্ন সমস্যাৰ পৰা হাত সাৰিব পাৰি।

সদায় ভিটামিন ‘চি’ নেমু-গাজৰ, ব্রকোলি, গজালি মেলা মুগ আদি খাব লাগে। খাদ্য তালিকাত মিঠাই, কার্বহাইড্রেট জাতীয় খাদ্য একেবাৰে বাদ দিব লাগিব। নিয়মীয়াকৈ বিলাহী খালেও সুফল পােৱা যায়।

বহুতেই শৰীৰত অতিৰিক্ত পানী জমা হােৱাৰ পাছতাে বিষয়টোত বিশেষ গুৰুত্ব প্রদান কৰিব নােখােজে। ফলত পৰৱর্তী সময়ত বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠে।

Exit mobile version