Bizarre : কাঠেৰে এনফিল্ড বুলেট তৈয়াৰ কৰিলে কেৰালাৰ বিদ্যুৎ মিস্ত্রীয়ে

watch kerala man crafts wooden replica of royal enfield bullet out of sheer love for bike

ৰুচি আৰু অদম্য ইচ্ছাশক্তিয়ে মানুহক কিমান দূৰ আগুৱাই নিব পাৰে, তাৰেই নিদর্শন দিলৈ কেৰালাৰ এজন বিদ্যুৎ মিস্ত্রীয়ে । তেওঁ কাঠেৰে হুবহু এনফিল্ড বুলেট মোটৰবাইক তৈয়াৰ কৰিলে ।

নাম জিদহিন কৰুলাই । কিছু বছৰ আগতে কাঠৰে বিভিন্ন ধৰণৰ মোটৰবাইক বনোৱা আৰম্ভ কৰে কৰুলাইয়ে । তেওঁ এজন বিদ্যু্ৎ মিস্ত্রী হ’লেও কাঠেৰে বিভিন্ন ধৰণৰ মূর্তি তৈয়াৰৰ প্রতি ৰুচি তেওঁৰ শৈশৱৰ পৰাই । ইয়াৰ আগতে এটা সৰু বাইক বনাই সংবাদৰ শিৰোনামত আহিছিল কৰুলাই ।

কিন্তু এইবাৰ প্রমাণ আকাৰৰ বুলেট বনাই সকলোকে তেওঁ চমক দিলে । বাইকৰ চকাও কাঠেৰে তৈয়াৰ কৰিছে কৰুলাই । তেওঁ জনাইছে, দুবছৰ আগতে এই বাইক তৈয়াৰ কৰা আৰম্ভ কৰে । মালয়েছিয়ান কাঠ, চেগুন কাঠৰে বাইকৰ নানা অংশ তৈ‌আৰ কৰিছে । এই কাৰ্যত প্ৰকৃত এনফিলন্ড বুলেট তৈয়াৰ কৰিবলৈ যিমান খৰচ হয়, সিমানেই খৰচ হৈছে বুলি জনাইছে কৰুলাই । প্ৰকৃত মটৰচাইকেল আৰু ইয়াৰ মাজত পাৰ্থক্য এটাই, সেইবোৰ সচল আৰু এইটো চলন শক্তিহীন ।

Exit mobile version