Russia-Ukraine Crisis : হাইপাৰছনিক পাৰমাণৱিক মিছাইল মহৰাত পুতিন, ইউৰোপত সকীয়নি হেৰিছৰ

vladimir putin 16449978474x3 1

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে শনিবাৰে হাইপাৰছনিক বেলিষ্টিক ক্ষেপণাস্ত্র আৰু অন্যান্য অস্ত্রৰ উৎক্ষেপণৰ কৌশলগত পাৰমাণৱিক অনুশীলনৰ তদাৰকি কৰে । ইউক্রেনৰ সীমান্তত ৰাছিয়াৰ বিপুল সেনা মোতায়েন আৰু ক্রমবর্ধমান উত্তেজনক পৰিস্থিতিত শক্তি প্রদর্শন কৰিবলৈ এই মহৰা বুলি মত বিশ্লেষকসকলৰ । ৰাছিয়াৰ সংবাদ সংস্থাৰ খবৰ অনুযায়ী, পুতিন আৰু বেলাৰুশৰ ৰাষ্ট্ৰপতি আলেকজাণ্ডাৰ লুকাশেনকোৱে ক্রেমলিনৰ পৰা এই মহৰাত দৃষ্টি ৰাখে । টিইউ-৯৫ বোমাৰু বিমান আৰু ছাবমেৰিনৰ পৰীক্ষা হয় এই ‘পৰিকল্পিত অনুশীলৰ’ । ভূমিৰ পৰা ভূমি আৰু ভূমিৰ পৰা সমুদ্রত লক্ষ্য কৰি পৰমাণু অস্ত্র বহনত সক্ষম ক্ষেপণাস্ত্রৰ মহৰা চলায় ৰাছিয়াৰ সেনাই ।

ইপিনে, মিউনিখত অনুষ্ঠিত নিৰাপত্তা সন্মিলনত ৰাছিয়াক কঠোৰভাৱে সকীয়নি দিলে মার্কিন ভাইচ ৰাষ্ট্ৰপতি কমলা হেৰিছে । স্পষ্ট ভাষাত হেৰিছে জনায়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনে যদি ইউক্রেনত আগ্রাসন চলোৱাৰ সিদ্ধান্ত লয় তেনেহ’লে আর্থিক ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব ৰাছিয়াই । তেওঁ কয়, আমেৰিকা, ইউৰোপীয় ইউনিয়নে সন্মিলিতভাৱে ৰাছিয়াৰ ওপৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিব । তেওঁ লগতে কয়, ‘ৰাছিয়াৰ কথাৰ স’তে তেওঁৰ আচৰণৰ মিল নাই ।’

উল্লেখ্য, ইয়াৰ পূৰ্বে যুদ্ধৰ পৰিস্থিতিত আমেৰিকাৰ নাগৰিকসকলক ইউক্রেন এৰাৰ নির্দেশ দিছিল মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে । মার্কিন যুক্তৰাষ্ট্রৰ কিছুসংখ্যক মহলৰ তৰফৰ পৰা দাবী কৰা হৈছে যে ইউক্রেন সীমান্তৰ কাষত প্রায় ১৩০,০০০ সেনা মোতায়েন কৰিছে ৰাছিয়াই । ‘বন্ধু’ দেশ বেলাৰুশত টেংক নিছে মস্কোৱে । প্ৰেৰণ কৰা হৈছে দুটা পাৰমাণৱিক বোমাৰু বিমান । মার্কিন চোৰাংচোৱাৰ শংকা, ২০১৪ৰ ক্রাইমিয়াৰ দৰেই ৰাছিয়াই পুনৰ আক্ৰমণ কৰিব পাৰে ইউক্রেনত । ইয়াৰ ফলত বিশ্বযুদ্ধ আৰম্ভ হ’ব পাৰে বুলি শংকা ।

Exit mobile version