গোসাঁইগাঁৱৰ তিনি যুৱক নতুনকৈ কে এল অ’ত যোগদান

কান্দি কান্দি বৃদ্ধ মাতৃৰ কাতৰ আহ্বান, অধক্ষ্য জীৱন সিং লৈ

এফালে উগ্ৰপন্থী সমস্যা সমাধানৰ প্ৰয়াস আৰু আনপিনে নতুনকৈ সদস্য ভৰ্তি হোৱাৰ ঘটনাই চাঞ্চল‍্যকৰ সৃষ্টি কৰিছে।

গোসাঁইগাঁও সদৰ চহৰৰ নিকটৱৰ্তী দুই নম্বৰ দলগাঁৱৰ তিনিজনকৈ যুৱক নতুনকৈ কমতাপুৰ লিবাৰেচন অৰগানাইজেছন চমুকৈ কে এল অ’ত যোগদান কৰাৰ তথ্য পোহৰলৈ আহিছে।

গাঁওখনৰ বিশ্বজিত ৰায়, পংকজ ৰায় আৰু মাণিক ৰায় যোগদান কৰিছে। দুই দিন পূৰ্বে বিশ্বজিত ৰায় নিজৰ ফেচবুকত যুৱক তিনিজনৰ ফটো পোষ্ট কৰাৰ পাছত এই কথা পোহৰলৈ আহিছে।

হাতত মাৰণাস্ত্ৰ লৈ উঠা ফটো ব্যাপক তাৎপৰ্য বহন কৰিছে। বিশ্বজিত ৰায়ৰ বৃদ্ধ মাতৃ কান্দি কান্দি পুত্ৰক উভতি আহিবলৈ আহ্বান জনোৱাৰ লগতে কে এল অ’ৰ মুৰব্বী জীৱন সিংহক আহ্বান জনায়।

Exit mobile version