পুনৰ জে’ললৈ লালুপ্ৰসাদ ! পশুখাদ্য কেলেংকাৰীৰ গোচৰত কাদাদণ্ডৰ নিৰ্দেশ চিবিআই আদালতৰ

Lalu 1

পশুখাদ্য কেলেংকাৰীৰ পশুখাদ্য কেলেংকাৰিৰ ডোৰাণ্ডা ট্ৰেজাৰী গোচৰত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে লালু প্ৰসাদ যাদৱক ।

সোমবাৰে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক পাঁচ বছৰৰ কাৰাদণ্ড দিয়া হৈছে চিবিআইৰ এখন বিশেষ আদালতে । একে সময়তে, তেওঁৰ ওপৰত ৬০ লাখ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে।

চিবিআইৰ এখন আদালতে বিগত সপ্তাহত লালু প্ৰসাদ যাদৱক গোচৰটোত দোষী সাব্যস্ত কৰিছিল আৰু যি দুপৰীয়া শাস্তি ঘোষণা কৰা হয় ।

লালু প্ৰসাদ যাদৱক আগতে পশুখাদ্য কেলেংকাৰীৰ মুঠ চাৰিটা গোচৰত দোষী সাব্যস্ত কৰা হৈছিল। প্ৰবীণ ৰাজনীতিবিদজনক ডোৰাণ্ডা কোষাগাৰৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছে, যি তেওঁৰ বিৰুদ্ধে পঞ্চম আৰু অন্তিম গোচৰ।

গোচৰটোত মুঠ ১৩৯.৩৫ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা হৈছিল। গোচৰটোৰ শুনানি ২৯ জানুৱাৰীলৈকে অব্যাহত আছিল।

গোচৰটোত লালুকে ধৰি মুঠ ১৭০ জন অভিযুক্ত আছিল যদিও ৫৫জনৰ মৃত্যু হোৱাত এতিয়া ৯৯ জন অভিযুক্ত আছে।

Exit mobile version