হিজাব বিতর্কত কি ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে !

amit shah 3 cropped

হিজাব বিতর্কত (Hijab Controversy) এইবাৰ মুখ খুলিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে (Amit Shah)। আজি এটা সর্বভাৰতীয় সংবাদ মাধ্যমেক সাক্ষাৎকাৰ দিয়ে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে । সাক্ষাৎকাৰত তেওঁ কয়, তেওঁৰ ব্যক্তিগত মতামত, শিক্ষা প্রতিষ্ঠানত ধর্মীয় পোছাক নহয়, ইউনিফর্ম পৰিধান কৰাই বাঞ্ছনীয় । অৱশ্যে বিষয়টো কর্ণাটক উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন । আদালতে যি সিদ্ধান্ত ল’ব, সেয়াই তেওঁ মানি ল’ব ।

কর্ণাটক (Karnataka) চৰকাৰে যোৱা পাঁচ ফেব্রুৱাৰীত এটা নির্দেশনা জাৰি কৰি শিক্ষাপ্রতিষ্ঠানত হিজাব পৰিধান কৰা নিষিদ্ধ ঘোষণা কৰে । তাৰ পাছৰ পৰাই ৰাজ্যখনত হিজাব বিষয়ত বিক্ষোভ আৰম্ভ হৈছে । বিশেষকৈ উদুপ্পি জিলাত বিক্ষোভৰ ফলত বিদ্যালয়-মহাবিদ্যালয়সমূহে ৰণক্ষেত্রৰ ৰূপ ধাৰণ কৰিছিল । বিক্ষোভৰ ফলত বহুদিন বিদ্যালয়-মহাবিদ্যালয়ো বন্ধ ৰাখিবলগীয়া হয় কর্ণাটক চৰকাৰে । চৰকাৰৰ সেই সিদ্ধান্তৰ বিৰুদ্ধে আদালতত আবেদন কৰে কেইজনমান মুছলিম শিক্ষাৰ্থীয়ে । বর্তমান সেই গোচৰৰেই শুনানি চলিছে কর্ণাটক উচ্চ ন্যায়ালয়ত ।

আজি সর্বভাৰতীয় সংবাদ মাধ্যমৰ সাক্ষাৎকাৰত গৃহমন্ত্ৰী শ্বাহে কয়, “মোৰ ব্যক্তিগত বিশ্বাস, সকলো ধর্মৰ লোকে শিক্ষা প্রতিষ্ঠানৰ ড্রেছকোডক মান্যতা দিয়া উচিত । আমি সিদ্ধান্ত ল’ব লাগিব, দেশ সংবিধান অনুযায়ী চলিব নে ব্যক্তিগত ইচ্ছাক গুৰুত্ব দিব ।” তেওঁ আৰু কয়, “আদালতে সিদ্ধান্ত নিদিয়া পৰ্যন্ত এই বিষয়ত মোৰ ব্যক্তিগত বিশ্বাস থাকিব । ইয়াৰ পাছত আদালতে যি সিদ্ধান্ত ল’ব সেয়াই ম‌ই মানি ল’ম । প্রত্যেকেই মানা উচিত ।”

Exit mobile version