Britain : বিশ্ব স্বাস্থ্য সংস্থাৰ সকীয়নিৰ পাছতো সকলো বিধি প্ৰত্যাহাৰ কৰি চলিত সপ্তাহতেই ‘স্বাধীন’ হ’ব নেকি ব্ৰিটেইন !

1645404890 britain

যোৱা সপ্তাহত বিশ্ব স্বাস্থ্য সংস্থাই (হু) বিবৃতি জাৰি কৰি জনাইছে, এতিয়াই সকলো ক’ভিড-বিধি তুলি লোৱা বিপজ্জনক হ’ব । যদিও সেই বিপদবার্তা উঠাই লৈ ‘স্বাধীনতাৰ’ পথ অৱলম্বন কৰিব বিচাৰিছে ব্রিটেইনে । কিছু সপ্তাহ আগতে প্রধানমন্ত্রী বৰিছ জনছনে ইংগিত দিছিল, শীঘ্রে সকলো নিষেধাজ্ঞা তুলি লোৱা হ’ব । তথ্য অনুসৰি, সেই মতে এই সপ্তাহত ক’ভিড-বিধি তুলি লোৱা হ’ব ব্রিটেইনত । এইবাৰৰ পৰা ক’ভিড পজিটিভ হ’লেও কোনেও বিচ্ছিন্নবাসত থাকিব নালাগে ।

প্রধানমন্ত্রীৰ তৰফৰ পৰা জনোৱা হৈছে এই খবৰ । ব্রিটেইনে যদি সঁচাকৈয়ে ক’ভিড-বিধি সম্পূর্ণভাৱে তুলি লয়, সেই ক্ষেত্রত তেওঁলোকেই হ’ব ইউৰোপৰ প্রথম বৃহৎ অর্থনীতি, যিয়ে এই কাম কৰিব । পুনৰ আগৰ দৰে মানুহে মাস্ক নিপিন্ধাকৈ দোকান-বাজাৰত যাব পাৰিব । বিদ্যালয়-মহাবিদ্যালয়-কাৰ্যালয় যোৱাত বাধা নাথাকিব । চৰকাৰী পৰিবহণ ব্যৱস্থাতো কোনো নিয়ম নাথাকিব ।

স্বাস্থ্য বিশেষজ্ঞসকলৰ অনেকেই ব্রিটেইন চৰকাৰৰ এই পদক্ষেপক লৈ শংকিত । ক’ভিড হ’লেও বিচ্ছিন্নবাসত থাকিব নালাগে, ৰোগীয়ে বাট-পথত ওলাব পাৰিব, মাস্কো পিন্ধিব নালাগিব । সেই ক্ষেত্রত সংক্রমণ আৰম্ভ হ’লে ভাইৰাছ বিয়পি পৰাত কোনো বাধা নাথাকিব । প্রধানমন্ত্রী বৰিছ জনসনৰ মন্তব্য, ‘‘ক’ভিড হঠাতে নিশ্চিহ্ন হৈ নাযায় । এই ভাইৰাছৰ স’তেই আমি জীয়াই থাকিবলৈ শিকিব লাগিব । নিজকে আবদ্ধ কৰি নাৰাখি স্বাধীনভাৱে থাকিয়ে জীয়াই থাকিব লাগিব ।’’

কিন্তু সকলো নিয়ম তুলি ল’লে কেনেদৰে নিজকে ৰক্ষা কৰিব পৰা যাব, সেই বিষয়ত স্পষ্টকৈ জনোৱা নাই জনছনে । বৰঞ্চ শোনিবলৈ পোৱা গৈছে, চৰকাৰে হয়তো কৰ’না পৰীক্ষণৰ বিনামূলীয়া ব্যৱস্থা তুলি ল’ব পাৰে । ইতিমধ্যে ব্ৰিটেইনৰ ১২ বছৰ বয়সৰ ঊর্ধ্বৰ ৮৫ শতাংশৰ টিকাৰ দুটা ড’জ সম্পন্ন হৈছে । জনসংখ্যাৰ দুই-তৃতীয়াংশৰ তৃতীয় ড’জো সম্পন্ন হৈছে । ৰাছিয়াৰ পাছত ইউৰোপত আটাইতকৈ ক্ষতিগ্রস্ত হৈছে ব্রিটেইন । ২৮ দিনত এক লাখ ৬০ হেজাৰৰো অধিক লোকৰ মৃত্যু হৈছে । সেয়ে ক’ভিড-বিধি তুলি লোৱা চৰকাৰী সিদ্ধান্তত অনেকেই চিন্তিত ।

হু চিন্তিত যে, প্রথম শাৰীৰ দেশসমূহক অনুসৰণ কৰি আৰু কিমান দেশে এই পথ অৱলম্বন কৰিব । আমেৰিকাতো বিভিন্ন প্রদেশে বিধিনিষেধ তুলি লৈছে । তথ্য অনুসৰি, ফেব্রুৱাৰী-মার্চৰ ভিতৰত কম-বেছি সকলো প্রদেশতে কঠোৰ নিয়ম নাথাকিব । আমেৰিকাত মিড-টার্ম নির্বাচনৰ দিন চমু চাপি আহিছে । ‘স্বাধীন’ হ’ব বিচৰা দেশবাসীক চৰকাৰে কৰ’না-বিধিত বান্ধি ৰাখিব বিচৰা নাই । কাৰণ ইয়াৰ ফলত ভোট বেংকৰ ক্ষতি হ’ব ।

ফ্রান্সতো টিকা বিৰোধী বিক্ষোভ ক্রমশ বাঢ়িছে । কানাডাৰ দৰে এই দেশখনতো টিকা লোৱা বাধ্যতামূলক ঘোষণা কৰা হৈছে । টিকা নোলোৱাকৈ ৰেস্তোৰাঁ, থিয়েটাৰসহ বহু স্থানত প্রৱেশ নিষেধ । কানাডাত টিকা নোলোৱাৰ বাবে অনেকে কাম হেৰুৱাইছে । ইয়াকে লৈ এমাহ ধৰি উত্তাল হৈ আছে কানাডাৰ ৰাজধানী অটোয়া । অজ্ঞাতবাসত প্রধানমন্ত্রী জাষ্টিন ট্রুডো । কালি, শনিবাৰৰ পৰা উত্তাপ আৰু বাঢ়িছে । বিক্ষোভকাৰীসকলৰ ওপৰত লাঠিচার্জ কৰা হয় । পেপাৰ স্প্রে কৰি ক্ষুব্ধ জনতাৰ ছত্রভংগ কৰা হয় । বিক্ষোভকাৰীসকলেও আৰক্ষীক আক্ৰমণ কৰে । তেওঁলোকৰ মুখত ‘স্বাধীনতাৰ’ শ্লোগান । হাতত স্ম’ক গ্রেনেড ।

Exit mobile version