এছ বি আইত একাউণ্ট থাকিলে সক্ৰিয় ৰাখিবলৈ কৰিব লাগিব এই কাম

sbi 1

আপুনি ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ৰ একাউণ্ট ধাৰক নেকি ? যদিহে আপোনাৰ এছ বি আইত একাউণ্ট আছে তেন্তে আপুনি তৎকালীনভাৱে এটা কাম সম্পন্ন কৰিব লাগিব । এছ বি আয়ে একাউণ্টধাৰক সকললৈ নতুন নিৰ্দেশনা জাৰি কৰিছে ।

অহা ৩১ মাৰ্চৰ ভিতৰত এছ বি আইৰ একাউণ্ট ধাৰকসকলে আধাৰ কাৰ্ডৰ স’তে পান কাৰ্ডৰ সংযোগীকৰণ কৰাব লাগিব । এই সন্দৰ্ভত পূৰ্বেৰ একাধিকবাৰ বেংকটোৱে গ্ৰাহকক জাননী কৰিছিল ।

কিন্তু এতিয়াও বহুসংখ্যক গ্ৰাহকে আধাৰ কাৰ্ডৰ স’তে পান কাৰ্ডৰ সংযোগ নকৰাত এছ বি আয়ে বিষয়টোৰ সন্দৰ্ভত পুনৰ গ্ৰাহকক সতৰ্ক কৰিলে । অহা ৩১ মাৰ্চৰ ভিতৰত এছ বি আইৰ গ্ৰাহকসকলে আধাৰ কাৰ্ডৰ স’তে পান কাৰ্ডৰ সংযোগ নকৰালে এইসমূহ পান কাৰ্ড অকাৰ্যকৰ গণ্য কৰা হ’ব ।

Exit mobile version