পাকিস্তানত সামাজিক মাধ্যম নিয়ন্ত্ৰণৰ অপচেষ্টা ইমৰান চৰকাৰৰ, আপত্তিজনক মন্তব্য কৰিলে পাঁচ বছৰৰ কাৰাদণ্ড

935596 3336823 Untitled 1 updates

সামাজিক মাধ্যমৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে । এতিয়াৰে পৰা পাকিস্তানৰ সামাজিক মাধ্যমত কোনো ব্যক্তিক অপমান কৰিলে পাঁচ বছৰৰ কাৰাদণ্ড বিহা হ’ব । এনে অপৰাধক পাকিস্তানত জামানতবিহীন অপৰাধ গণ্য কৰা হ’ব । সামাজিক মাধ্যমক নিয়ন্ত্ৰণৰ লক্ষ্যৰে এই নতুন আইনৰ ব্যৱস্থা কৰা হৈছে পাকিস্তানক ।

ইমৰানৰ চৰকাৰে ইলেক্ট্ৰনিক অপৰাধ নিয়ন্ত্ৰণ আইন সংশোধনৰ জৰিয়তে এই নতুন ব্যৱস্থা দেশখনত প্ৰৱৰ্তন কৰিব । সামাজিক মাধ্যম ব্যৱহাৰ কৰি কোনো ব্যক্তিয়ে আন কোনো ব্যক্তিক অপমান কৰিলে বা আপত্তিজনক মন্তব্য ইত্যাদি প্ৰকাশ কৰিলে তাক অপৰাধ গণ্য কৰা হ’ব আৰু এনে অপৰাধৰ বাবদ পাঁচ বছৰ কাৰাদণ্ড বিহা হ’ব । ইমৰান চৰকাৰৰ এই পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছে পাকিস্তানৰ সাংবাদিক সংগঠনৰ লগতে সাংবাদিকসকলে ।

জনতাৰ মত প্ৰকাশৰ অধিকাৰ ইমৰান চৰকাৰে খৰ্ব কৰিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ দেশখনৰ সংবাদ মাধ্যমে কঠোৰভাৱে সমালোচনা কৰিছে । পাকিস্তানৰ আইন মন্ত্ৰী ফাৰুখ নছিমে সকীয়নি দি কয় যে ভুৱা বাতৰি প্ৰচাৰ কৰা ব্যক্তিক কেতিয়াও ৰেহাই দিয়া নহ’ব ।

Exit mobile version