ইউক্ৰেইনৰ এইসকল সুন্দৰী সৈনিকে দেশৰ বাবে দিব প্ৰাণ আহুতি

navbharat times 1

ৰাছিয়াই ইউক্রেইনক আক্রমণ কৰিবলৈ উদ্যত হােৱাত সম্ভাৱ ৰুছ। সৈনিকৰ আক্ৰমণৰ প্রত্যুত্তৰ দিবলৈ সাজু হ’ল কীভৰ সেনা বাহিনী। ইউক্রেইনৰ সেনা বাহিনীৰ অন্যতম এক অংগ হৈছে মহিল সেনা বাহিনী। অত্যাধুনিক অস্ত্র-শস্ত্ৰৰে সজ্জিত ইউক্রেইনৰ এই মহিলা সেনা বাহিনীয়ে সময়ে সময়ে সমগ্র বিশ্বৰে দৃষ্টি আকর্ষিত কৰি আহিছে।

ৰাছিয়াই ইউক্রেইনক চাৰিও দিশৰ পৰা ঘেৰি ধৰি আক্ৰমণৰ বাবে সাজু হােৱা বুলি বাতৰি প্ৰচাৰিত হােৱাৰ পাছতে এতিয়া ইউক্রেইনৰ সেনা বাহিনীৰ এইসকল সুন্দৰী মহিলা সদস্যয়াে হাতত অস্ত্র তুলি মাতৃভূমিক ৰক্ষা কৰিবলৈ প্রস্তুত হৈছে। প্রকাশিত বাতৰি অনুসৰি সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অন্যান্য বিভিন্ন পেছাৰ স’তে জড়িত হেজাৰ হেজাৰ মহিলাই ইউক্রেইনৰ সেনা বাহিনীৰ ‘ছর্ট ছাৰ্ভিচ’ সেৱাত যােগদান কৰিছে।

এইসকল মহিলা সৈন্যক প্রদান কৰা হৈছে অত্যাধুনিক অস্ত্র-শস্ত্র চালনাৰ প্রশিক্ষণ। বন্দুক চালনাৰ পৰা আৰম্ভ কৰি প্ৰাথমিক চিকিৎসা প্রদান আৰু আত্মসুৰক্ষাৰ বিভিন্ন কৌশল আহৰণ কৰিলে এইসকল সুন্দৰী সৈনিকে।প্রকাশিত বাতৰি অনুসৰি, ইউক্রেইনক সাম্প্রতিক সংকটৰ প্রতি লক্ষ্য ৰাখি এইসকল মহিলাই সকলাে কাম-কাজ আৰু নিজৰ ঘৰ পৰিয়াল, সন্তানক এৰি থৈ এইদৰে সেনা বাহিনীত দেশমাতৃক ৰক্ষাৰ বাবে সংকল্পৰে যােগদান কৰিছে।

দেশৰ সংকটৰ প্রতি লক্ষ্য ৰাখি ইউক্রেইন চৰকাৰে ইতিমধ্যে ২০ৰ পৰা ৬০ বছৰ বয়সীয়া মহিলাক সেনাত অন্তর্ভুক্ত কৰিছে। দেশৰ সামৰিক বাহিনীত পূৰ্বৰে পৰা ৩০ হেজাৰৰাে অধিক মহিলা সৈনিক আছিল। উল্লেখ্য যে ১৯৯৩ৰ পৰা ইউক্রেইনত মহিলা সৈনিকক নিযুক্তি প্রদান কৰা হৈছিল।

বিগত তিনি দশকত দেশখনৰ মহিলা সৈনিকসকলে সকলাে দিশতে পুৰুষৰ সমানে অগ্রসৰ হৈ নিজৰ দক্ষতা প্রদর্শন কৰি আহিছে। বর্তমানে দেশখনত ৩১ হেজাৰ মহিলা সৈনিক আছে আৰু ইয়াৰে ১১০০ গৰাকী হৈছে মহিলা সেনা বিষয়া। উল্লেখ্য যে যােৱা বছৰত হাইহীল চেণ্ডেল পৰিধান কৰি ইউক্রেইনত সুন্দৰী সৈনিকে পেৰেডত অংশ লৈ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। শেহতীয়া সংকটৰ প্রতি লক্ষ্য ৰাখি বর্তমানে ৬০ বছৰীয়া মহিলাও সেনাত ভর্তি হৈ অস্ত্ৰচালনাৰ প্রশিক্ষণ গ্রহণ কৰিছে।

Exit mobile version