গোসাইগাঁৱৰ পদ্মপুখুৰী গাঁৱত শিৱৰাত্ৰী উদযাপনৰ ব্যাপক প্ৰস্তুতি

WhatsApp Image 2022 02 23 at 8.11.57 PM

সমাগত শিৱৰাত্ৰী । ৰাজ্যজুৰি চলিছে শিৱৰাত্ৰীৰ ব্যাপক প্ৰস্তুতি । সমগ্ৰ ৰাজ্যৰ লগতে গোসাইগাঁৱতো চলিছে শিৱৰাত্ৰীৰ ব্যাপক প্ৰস্তুতি । গোসাইগাঁও সদৰ চহৰৰ সংলগ্ন গোসাইগাঁও ৰেল ষ্টেচন নিলগত পুখুৰীৰ কাষত পদ্মপুখুৰী গাঁৱত প্ৰতিবছৰৰ দৰে এইবেলিও মহা শিৱৰাত্ৰী পূজাৰ আয়োজন কৰে । সেই উপলক্ষে গাঁওখনৰ সমূহ ৰাইজ একত্ৰিত হৈ শিৱৰাত্ৰী উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই আছে ।

আজি ৰাইজে হাতে-হাতে ঝাৰু, পাচি, কোৰ লৈ মন্দিৰ চৌহদৰ ইমূৰৰ পৰা সিমূৰলৈ পৰিস্কাৰ-পৰিছন্ন কৰে ।আজিৰ এই কাৰ্যসূচীত বাবুবিল ভিচিডিচিৰ প্ৰাক্তন অধক্ষ্য লক্ষীৰাম সৰেনে, আপাৰ অধক্ষ্য বিজয় সিং লাক্ৰা,পদ্মপুখুৰী গাঁৱৰ চৰকাৰী গাঁওপ্ৰধান প্ৰদীপ হাসদা, অমৰ জ্যোতি ক্লাৱৰ সাধাৰণ সম্পাদক শিৱলাল টুডু প্ৰমূখ্যে গাঁৱৰ স্থানীয় ৰাইজ উপস্থিত থাকে ।

Exit mobile version