গোৱৰ্ধনা-শিমলাগুৰি আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, ড্ৰাগছ ব্যৱসায়ীসহ আটক চাৰি যুৱক

উদ্ধাৰ হেৰ’ইন-কণ্টেইনাৰ

ড্ৰাগছৰ বিৰুদ্ধে বাগসাৰ গোৱৰ্দ্ধনা আৰু শিমলাগুৰি আৰক্ষীৰ তীব্ৰ অভিযান ৷ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এগৰাকী ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে তিনি ড্ৰাগছ আসক্ত যুৱকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে প্ৰথমাৱস্থাত ড্ৰাগছ মাফিয়া চফিকুল ইছলাম নামৰ এজনক কাউৰপাৰা গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন আৰু ৯০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

ড্ৰাগছ মাফিয়া চফিকুল ইছলামৰ স্বীকাৰোক্তিৰ ভিত্তিত গোৱৰ্ধনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কন্দৰ্প কুমাৰ বৰুৱা আৰু শিমলাগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ শৰ্মাৰ নেতৃত্বত আৰক্ষীয়ে তিনিগৰাকী ড্ৰাগছ আসক্ত যুৱকক গ্ৰেপ্তাৰ কৰে ৷ ধৃত তিনি যুৱক ক্ৰমে আশ্ৰৱ আলী, চিৰাজুল হক আৰু আনোৱাৰ হুছেইন ৷ বিগত চাৰি বছৰে বৰপেটাৰ পৰা কে’বা লক্ষাধিক টকাৰ ড্ৰাগছ সৰবৰাহ কৰিছিল মাফিয়া চফিকুলে ৷

ইফালে, ড্ৰাগছ মাফিয়া চফিকুলৰ সাংবাদিকৰ আগতেই বিস্ফোৰক মন্তব্য কৰি কয় যে ড্ৰাগছৰ লগত জড়িত হোৱাৰ পৰা প্ৰায় ৪০ লক্ষাধিক টকাৰ ড্ৰাগছ সেৱন কৰিছিল চফিকুলে নিজে ৷ আৰক্ষীয়ে ড্ৰাগছ মাফিয়া চফিকুল ইছলামক কাউৰপাৰাৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন তিনিগৰাকী ড্ৰাগছ আসক্ত যুৱকক জাখলিবিল পথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি ড্ৰাগছৰ লগত জড়িত চাৰিওজনক অধিক তথ্যৰ বাবে গোৱৰ্দ্ধনা আৰক্ষীয়ে জিম্মাত ৰাখি জেৰা অব্যাহত ৰাখিছে ৷

তথ্য অনুসৰি ড্ৰাগছ মাফিয়া চফিকুলে নামনি অসমৰ কে’বাখনো জিলাত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ী চলাই বহু যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহত ঠেলি দিছিল ৷ অৱশেষত আৰক্ষীৰ এই বৃহৎ সাফল্য অঞ্চলটোৰ বাবে প্ৰশংসনীয় বিবেচিত হৈছে ৷

Exit mobile version