বিজেপিত যোগদানৰ জোৱাৰ ,বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি বিজেপিত দলত যোগদান বনৰগাওত

cd708b37 3ec4 402c aacb e01dc6f6219a

কোকৰাঝাৰ জিলাৰ অধিন বনৰগাওত বিজেপি দলত যোগদানৰ জোৱাৰ উঠিছে । হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন বিপিএফ দল ত্যাগ কৰি বনৰগাও সমষ্টিৰ এমছিএলএ ৰাজীব কুমাৰ ব্ৰহ্মই বিজেপি দলত যোগদান কৰাৰ পাছত বনৰগাও সমষ্টিত অধিক শক্তিশালী ৰূপ ধাৰন কৰিছে বিজেপি দলে ।

আজি বনৰগাও মণ্ডল বিজেপিৰ কাৰ্যালয়ত শতাধিক লোকে অইন অইন ৰাজনৈতিক দল ত্যগ কৰি বিজেপি দলত যোগদান কৰে ।

উক্ত যোগদান অনুষ্ঠানত উপস্থিত থাকি নতুনকৈ যোগদান কৰা সকলোক দলীয় টুপী আৰু দলীয় মাফলাটেৰে আদৰনি জনায় এমছিএলএ ৰাজীব কুমাৰ ব্ৰহ্মই ।

এমছিএলএজনৰ লগতে উপস্থিত থাকে বনৰগাও মণ্ডল বিজেপিৰ সভাপতি ছাইকো জাতাও নাৰ্জাৰীৰ উপৰিও দলীয় কৰ্মকৰ্তা সকলো ।

Exit mobile version