যুদ্ধ পৰিস্থিতিত ভাৰতীয় শিক্ষাৰ্থীসকলক লৈ ইউক্রেইনৰ পৰা দেশত উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান

once airports get back to business however foreign air travel theme parks to orient future outbound tourists can also be considered

যুদ্ধ পৰিস্থিতিত ভাৰতীয় শিক্ষাৰ্থীসকলক লৈ ইউক্রেইনৰ (Ukraine) পৰা দেশলৈ ঘূৰি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান । মঙলবাৰে নিশা প্ৰায় ১১.৩০ বজাত কিয়েভৰ পৰা অহা ‘AI1946’ বিমানখন দিল্লীত অৱতৰণ কৰে ।

তথ্য অনুসৰি, কালি সন্ধিয়া প্ৰায় ছয় বজাত ইউক্রেইনৰ ৰাজধানী কিয়েভৰ বৰিছপিল আন্তর্জাতিক বিমানবন্দৰৰ পৰা ২৪২ জন ভাৰতীয় শিক্ষাৰ্থীক লৈ ৰাওনা হয় এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানখন । কিছু ঘণ্টাৰ যাত্রা শেষ কৰি মঙলবাৰে নিশা দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত অৱতৰণ কৰে । যুদ্ধ শংকা প্রাক্তন ছোভিয়েত সদস্য দেশখনৰ পৰা ঘূৰি অহা শিক্ষাৰ্থীসকলৰ অধিকাংশ‌ই ইউক্রেইনত চিকিৎসা বিভাগত পঢ়ি আছে । দেশখনৰ বর্তমান পৰিস্থিতিক লৈ ছাত্রসকলৰ মন্তব্য, যুদ্ধৰ শংকা থাকিলেও পৰিৱেশ এতিয়াও শান্তিপূর্ণ ।

ভাৰতীয় দূতাবাসৰ পৰামর্শ মানিয়ে তেওঁলোকে দেশত ঘূৰি অহাৰ সিদ্ধান্ত লয় । কিছুদিন পূৰ্বেই কিয়েভৰ ভাৰতীয় দূতাবাসে শিক্ষাৰ্থীসকলক দ্রুত ইউক্রেইন ত্যাগ কৰাৰ পৰামর্শ দিয়ে ।

দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত শিৱম চৌধুৰী নামে চিকিৎসা বিভাগৰ এজন শিক্ষাৰ্থীয়ে কয়, “পৰিস্থিতি এতিয়াও শান্তিপূর্ণ । অৱশ্যে পৰিস্থিতি উত্তেজিত । ঘৰত উভতি আহি ভাল লাগিছে ।” উল্লেখ্য যে, কম খৰচ আৰু উন্নত পৰিকাঠামোৰ বাবে ভাৰতীয় চিকিৎসা বিভাগৰ শিক্ষাৰ্থীসকলৰ ইউক্রেইনলৈ আকর্ষণ প্রৱল । দেশখনত বর্তমান প্রায় ২০ হেজাৰ শিক্ষাৰ্থী আছে । তেওঁলোকৰ নিৰাপত্তাৰ দায়িত্ব ল’বলৈ ৰাষ্ট্রসংঘত উদ্বেগ প্রকাশ কৰিছে ভাৰতৰ স্থায়ী প্রতিনিধি টি এছ তিৰুমূর্তিয়ে । ইউক্রেইনৰ পৰা উভতি অহা আন এজন শিক্ষাৰ্থীয়ে কয়, “ঘৰলৈ উভতি ভালেই লাগিছে । তাত পৰিস্থিতি শান্তিপূর্ণ । কিন্তু মা-দেউতাই চিন্তা কৰিছিল, সেয়ে দেশত উভতাৰ সিদ্ধান্ত লৈছিলো ।”

উল্লেখ্য, সোমবাৰে ৰুছপন্থী বিদ্রোহীৰ দখলত থকা ডোনেৎস্ক আৰু লুহানস্কক ‘স্বাধীন’ ৰাষ্ট্রৰ মর্যাদা দিয়ে ৰাছিয়াই । ফলত ক্রিমিয়াৰ পাছত পুনৰ বিভক্ত হ’ল ইউক্রেইন । এনে চৰম উত্তেজনাপূর্ণ পৰিস্থিতিত জৰুৰী বৈঠকত মিলিত হৈছে ৰাষ্ট্রসংঘ । পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ ইতিমধ্যে মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ স’তে ফোনত আলোচনা কৰিছে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেন্সকিয়ে ।

Exit mobile version