Viral : আহত সংগী লৈ যোৱা হৈছে চিকিৎসালয়লৈ ,আঠ কিঃমিঃ অনুসৰণ কৰি সংগী ঘোঁৰা পালেগৈ চিকিৎসালয়ত

1645600487 horse

আগে আগে এম্বুলেন্স ,আৰু তাকে অনুসৰণ কৰি পাছত দৈৰিছে এটা ঘোঁৰা । সোমবাৰে এনে এটা বিৰল দৃশ্য দেখা গ’ল ৰাজস্থানৰ উদয়পুৰত । যিটো এতিয়া সামাজিক মাধ্যমত দ্ৰুত গতিত ভাইৰেল হৈছে।

ঘটনা মৰ্মে ,ৰাস্তাত এটা ঘোঁৰা আঘাতপ্ৰাপ্ত অৱস্থাত পৰি থকা দেখে উদয়পুৰ চহৰৰ হৰিদাসজি মগৰিৰ এজন বাসিন্দাই। তেওঁ পশু উদ্ধাৰকাৰী সংস্থাক অৱগত কৰে। খবৰটো পোৱাৰ পাছতে, এম্বুলেন্সখন লৈ ঘটনাস্থলীত উপস্থিত হয় সংগঠনটোৰ স্বেচ্ছাসেৱকসকল।

ইয়াৰ পাছত, তেওঁলোকে আঘাতপ্ৰাপ্ত ঘোঁৰাটো উদ্ধাৰ কৰি এম্বুলেন্সত চিকিৎসালয়লৈ লৈ যায়। চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে আশ্চৰ্যজনকভাৱে, এম্বুলেন্সৰ চালকজনে গাড়ীখনৰ পাছফালে এটা ঘোঁৰা দৌৰি থকা দেখে। সেই দেখি ড্ৰাইভাৰজনে গাড়ীৰ গতি কমাই। ঘোঁৰাটোৱে প্ৰায় আঠ কিলোমিটাৰ এম্বুলেন্সৰ পিছে পিছে গৈ পশু চিকিৎসালয়ত উপস্থিত হয়।

তথ্য অনুসৰি আঘাতপ্ৰাপ্ত ঘোঁৰাটো দ্বিতীয় ঘোঁৰাটোৰ সংগী ।আঘাতপ্ৰাপ্ত ঘোঁৰাটোক অকলশৰীয়াকৈ এৰিব নিবিচাৰি এম্বুলেন্সৰ পিছফালে দৌৰি গৈ চিকিৎসালয়ত উপস্থিত হৈছিল ঘোঁৰাটো। আঘাতপ্ৰাপ্ত ঘোঁৰাটোৰ চিকিৎসা চলি আছে। তেওঁৰ সংগীকো চিকিৎসালয়ৰ চৌহদত ৰখা হৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে, বহুতে এতিয়া ঘটনাটোক ‘বন্ধুত্ব’ৰ এক সুন্দৰ নিদৰ্শন বুলি উল্লেখ কৰিছে।

Exit mobile version