ইউক্ৰেইনত আবদ্ধ হৈ আছে নগাঁৱৰ এগৰাকী ছাত্ৰী

চিকিৎসা বিজ্ঞানৰ ছাত্ৰী নিকিতা জয়ন্তক লৈ উদ্বিগ্ন পিতৃ-মাতৃ

%E0%A6%87%E0%A6%89%E0%A6%95%E0%A7%8D%E0%A7%B0%E0%A7%87%E0%A6%87%E0%A6%A8%E0%A6%A4 %E0%A6%86%E0%A7%B1%E0%A6%A6%E0%A7%8D%E0%A6%A7 %E0%A6%A8%E0%A6%97%E0%A6%BE%E0%A6%81%E0%A6%93 %E0%A6%9A%E0%A6%B9%E0%A7%B0%E0%A7%B0 %E0%A6%A8%E0%A6%BF%E0%A6%95%E0%A6%BF%E0%A6%A4%E0%A6%BE %E0%A6%9C%E0%A6%AF%E0%A6%BC%E0%A6%A8%E0%A7%8D%E0%A6%A4

যুদ্ধৰ দাৱানল জ্বলি উঠা ইউক্ৰেইনত আৱদ্ধ হৈ আছে নগাঁও চহৰৰ লক্ষী নগৰৰ এগৰাকী মেডিকেলৰ ছাত্ৰী। ইউক্ৰেইনৰ টাৰ্ণপিল নেচনেল মেডিকেল ইউনিভাৰ্চিটিত অধ্যয়ণৰত ছাত্ৰী গৰাকীৰ নাম নিকিতা জয়ন্ত । তেওঁ নগাঁও চহৰৰ লক্ষীনগৰৰ জয়ন্ত ডেকাৰ কন্যা। তেওঁ মেডিকেলৰ তৃতীয় বৰ্ষৰ ছাত্ৰী।ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ হোৱাৰ বাবে ইতিমধ্যে ইউক্ৰেনৰ বিমান বন্দৰ আৰু আকাশ মাৰ্গ বন্ধ কৰি দিয়াৰ বাবে টাৰ্ণপিলতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে তাত মেডিকেল পাঠ্যক্ৰমত অধ্যয়ণৰত নিকিতা সহ অসমৰ দহ গৰাকী ছাত্ৰ- ছাত্ৰী ।

ইতিমধ্যে ভিডিও কলিঙৰ জৰিয়তে কথা পতা হৈছে চিকিৎসা বিজ্ঞানৰ ছাত্ৰী নগাঁওৰ নিকিতা জয়ন্তৰ সৈতে । তেওঁ কয়,”এই পৰ্যন্ত আমি ঠিকেই আছো। কিন্তু ঘৰতে আৱদ্ধ হৈ থাকিব লগীয়া হৈছে।

এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি আমি ধৰিব পৰা নাছিলো।ভাৰত চৰকাৰেও আমাক এই বিষয়ে আগতীয়াকৈ সতৰ্ক কৰি দিয়া নাছিল। ইতিমধ্যে অসমৰ সৰহ খিনি ছাত্ৰ ছাত্ৰী ঘৰলৈ গুচি গৈছে।আমি দহ গৰাকীমানহে ৰৈ গ’লো।

যিমান সোনকালে পাৰে ভাৰত চৰকাৰে আমাক লৈ যোৱাৰ ব্যৱস্থা কৰক।” ইপিনে, নিকিতা জয়ন্তৰ পিতৃ জয়ন্ত ডেকাই অসম চৰকাৰ তথা ভাৰত চৰকাৰক অনুৰোধ জনাইছে যে অতি শীঘ্ৰে তেওঁৰ জীয়ৰী আৰু আবদ্ধ হৈ থকা অসমৰ কেবাগৰাকী ছাত্ৰ ছাত্ৰীক ভাৰতলৈ ঘূৰাই আনিব লাগে ।

আনহাতে যুদ্ধৰ বাবে ইউক্ৰেনত এটিম সমূহ বন্ধ কৰি দিয়ে যাৰ বাবে আবদ্ধ হৈ থকা অসমৰ ছাত্ৰ ছাত্ৰী অৰ্থ সংকটত পৰিব পাৰে বুলি শংকা কৰিছে ইউক্ৰেনত অধ্যয়ণৰত নগাঁৱৰ ছাত্ৰী নিকিতা জয়ন্তই ।

আজি সংবাদ মাধ্যমৰ আগত নিকিতাৰ পিতৃয়ে কয়,”আমি বহুত চিন্তিত। এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ’ব বুলি আমি ভৱা নাছিলো।নিকিতা হ’ত ওৱেষ্ট চাইডত আছে।তাত এতিয়ালৈকে একো হোৱা নাই।আমি তাইক পোলেণ্ডলৈ গুচি যাবলৈ কৈছো।পোলেণ্ডলৈ তাৰ পৰা বাছেৰে গৈ তাৰ পৰা ভাৰতলৈ আহিবলৈ কৈছো।”

নিকিতা যোৱা ২৭ডিচেম্বৰত ঘৰলৈ আহিছিল আৰু ২১জানুৱাৰীত ইউক্ৰেইনলৈ ওভটি গৈছিল। এপ্ৰিলত তাইৰ পৰীক্ষা আছিল।”ইপিনে,জিলা খনৰ দক্ষিণ পাট অঞ্চলৰো এজন যুৱক ইউক্ৰেইনত আৱদ্ধ হৈ আছে।

তেওঁৰ নাম পিনাকী ৰঞ্জন কাশ্যপ। তেওঁ চুনী ষ্টেট মেডিকেল ইউনিভাৰ্ছিটিৰ ষষ্ঠ বৰ্ষৰ ছাত্ৰ। তেওঁৰ ঘৰতো এতিয়া বিৰাজ কৰিছে এক আতংকময় পৰিৱেশৰ।

Exit mobile version