Coronavirus : কৰ’নাৰ পৰা মুক্তিৰ পথত দেশ ! পুনৰ দৈনিক আক্রান্ত ১৫ হেজাৰৰো তলত, কমিছে সক্ৰিয়তাৰ সংখ্যাও

kdrf6ub8 crowd at sadar bazaar market delhi ani

বিধিনিষেধ প্ৰত্যাহাৰ কৰি স্বাভাৱিক পৰিস্থিতিত ঘূৰি আহিছে দেশ । অধিকাংশ ৰাজ্যত বিদ্যালয়-মহাবিদ্যালয়ো খুলিছে ।

বৃহস্পতিবাৰে স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রণালয়ে (Ministry of Health and Family Welfare) দিয়া তথ্য অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত ১৪ হেজাৰ ১৪৮ জন লোক কৰ’না (Coronavirus) আক্রান্ত হৈছে । যি কালিৰ তুলনাত সামান্য কম । বিগত এসপ্তাহৰো অধিক সময় ধৰি দেশৰ দৈনিক আক্রান্ত ২০ হেজাৰৰ তলত । সম্প্ৰতি ভাৰতত কৰ’নাৰ পজিটিভিটি ৰেট ১.২২ শতাংশ । এই পজিটিভিটি ৰেটো আগৰ দিনৰ তুলনাত কিছু কম । বিধিনিষেধ জাৰি কৰি আৰু টিকাকৰণত জোৰ দি সংক্রমণৰ লগতে দেশৰ মৃত্যুৰ হাৰো কমিছে । ভাৰতত এদিনত কৰ’নাত ৩০২ জনে প্রাণ হেৰুৱাইছে । দেশত এই পর্যন্ত ক’ভিডৰ বলি পাঁচ লাখ ১২ হেজাৰ ৯২৪ জন ।

বর্তমান দেশত সক্রিয় কৰ’না ৰোগীৰ সংখ্যা এক লাখ ৪৮ হেজাৰ ৩৫৯ । বিগত ২৪ ঘণ্টাত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা ১৬ হেজাৰলৈ কমিছে । মহামাৰীৰ বিৰুদ্ধে যুঁজত শক্তি জোগাইছে কৰ’না জয়ীসকলে । এই পর্যন্ত চাৰি কোটি ২২ লাখ ১৯ হেজাৰ ৮৯৬ জন সুস্থ হৈছে । সুস্থতাৰ হাৰ ৯৮.৪৬ শতাংশ ।

স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রণালয়ে দিয়া তথ্য অনুসৰি, এই পর্যন্ত দেশত প্রায় ১৭৬ কোটিৰো অধিক কৰ’না টিকা দিয়া হৈছে । যোৱা ২৪ ঘণ্টাত ৩০ লাখৰো অধিক লোকক ভেকচিন দিয়া হৈছে । যোৱা ২৪ ঘণ্টাত ১১ লাখ ৫৫ হেজাৰ লোকৰ নমুনা পৰীক্ষণ কৰা হৈছে ।

Exit mobile version