Ukraine-Russia Conflict : যুদ্ধ ৰোধ কৰিবলৈ মধ্যস্থতা কৰক, প্ৰধানমন্ত্ৰী মোদীক আবেদন ইউক্রেইনৰ ৰাষ্ট্রদূতৰ

1645698778 modi ukraine

ৰুছ সেনাৰ আক্ৰমণ ৰোধ কৰিবলৈ এইবাৰ ভাৰতৰ দ্বাৰস্থ হ’ল ইউক্রেইন । নতুন দিল্লীত ইউক্রেইনৰ ৰাষ্ট্রদূত ইগৰ পোলিখাই বৃহস্পতিবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীক শান্তি ঘূৰাই আনিবলৈ মধ্যস্থতা কৰাৰ আবেদন জনাইছে । শীঘ্ৰে শান্তি আলোচনা কৰিবলৈ যুদ্ধমুখী দুই দেশৰ স’তে যোগাযোগ কৰাৰ অনুৰোধো জনায় প্ৰধানমন্ত্ৰী মোদীক ।

ইগৰে বৃহস্পতিবাৰে কয়, ‘‘বর্তমান পৰিস্থিতিত আমি ভাৰতৰ সহায় বিচাৰিছো । ৰাছিয়াৰ স’তে ভাৰতৰ বিশেষ সম্পর্ক আছে । ৰাছিয়া-ইউক্রেইন সংকট নিয়ন্ত্রণত নতুন দিল্লীয়ে আৰু সক্রিয় ভূমিকা গ্ৰহণ কৰিব পাৰে । ম‌ই প্রধানমন্ত্রী নৰেন্দ্র মোদীক শীঘ্ৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু আমাৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিৰ স’তে যোগাযোগ কৰিবৰ বাবে অনুৰোধ কৰিছো । মোদীজি বিশ্বৰ অন্যতম শক্তিশালী নেতা ।’’

বৃহস্পতিবাৰে পুৱা পুটিনৰ যুদ্ধ ঘোষণাৰ পাছতেই ইউক্রেইন সীমান্তৰ বিভিন্ন অঞ্চলত স্থল আৰু আকাশপথত আঘাত হানিছে ৰুছ বাহিনীয়ে । ৰাজধানী কিয়েভত ক্ষেপণাস্ত্র আক্ৰমণ হৈছে । খাৰকীভ চহৰৰ কাষতে অৱতৰণ কৰিছে ৰুছ ছত্রীসেনা । উপকূলৱর্তী মাৰিউপোল আৰু অ’ডেছা চহৰত ৰুছ নৌবাহিনীৰ ‘এম্ফিবিয়ান লেণ্ডিং ভেহিকল’ৰ পৰাও সেনা অৱতৰণ আৰম্ভ হৈছে । আমেৰিকাৰ নেতৃত্বাধীন নেটো জোঁটে ইউক্রেইনক সামৰিক সাহায্যৰ অংগীকাৰ কৰিলেও স্পষ্টভাৱে সেনা পাঠোৱাৰ বার্তা দিয়া নাই । এনে পৰিস্থিতিত প্রবল চাপৰ মুখত জেলেনস্কি চৰকাৰে ভাৰতৰ দৰে ‘ৰাছিয়াৰ পুৰণি বন্ধুৰাষ্ট্রৰ’ সাহায্য বিচাৰিছে বুলি কূটনৈতিক মহলৰ ধাৰণা ।

সোমবাৰে নিশা ইউক্রেইনৰ ডোনেৎস্ক আৰু লুহানস্ক অঞ্চলক স্বাধীন ৰাষ্ট্র হিচাপে স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰে ৰুছ ৰাষ্ট্ৰপতি পুটিনে । তাৰ পাছতেই ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠকত অস্থায়ী সদস্যৰাষ্ট্র ভাৰতৰ তৰফৰ পৰা ‘গঠনমূলক কূটনীতি’ৰ পথত উত্তেজনা প্রশমনৰ আবেদন জনোৱা হয় । বুধবাৰে ভাৰতৰ এই অৱস্থানক স্বাগত জনায়, নতুন দিল্লীত পুটিন চৰকাৰৰ দূত (চার্জ দ্য এফয়াৰ্ছ) ৰোমান বাবুছকিনে ।

এনে পৰিস্থিতিত ইউক্রেইন-ৰাছিয়া যুদ্ধ পৰিস্থিতিক লৈ বৃহস্পতিবাৰে পুনৰ ৰাষ্ট্ৰসংঘত উদ্বেগ প্রকাশ কৰিছে ভাৰতে । পুটিনৰ সামৰিক অভিযানৰ ঘোষণাৰ পাছতেই নিৰাপত্তা পৰিষদৰ ভাৰতৰ স্থায়ী প্রতিনিধি টি এছ তিৰুমূর্তিয়ে কয়, ‘‘দুদিন আগতে নিৰাপত্তা পৰিষদে বৈঠক কৰিছিল আৰু পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিছিল । আমি দ্রুত উত্তেজনা কমোৱাৰ আহ্বান জনাইছিলো আৰু পৰিস্থিতি সম্পর্কিত সমস্ত সমস্যা মোকাবিলাত কার্যকৰী আৰু যুক্তিগ্রাহ্য কূটনীতিৰ ওপৰত জোৰ দিছিলো । কিন্তু জনাবলৈ পাই দুখিত যে, উত্তেজনা প্রশমিত কৰিবৰ বাবে আন্তর্জাতিক মহলৰ সাম্প্রতিক উদ্যোগ সম্পন্ন হোৱা নাই ।’’

Exit mobile version