চীনক পুটিনৰ স’তে আলোচনাৰ আহ্বান ইউক্ৰেইনৰ কূটনীতিকৰ

630 360 1590767038 351

জাপানত অধীস্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে মস্কোৰ পদক্ষেপক লৈ বেইজিঙে সমালোচনা নকৰাৰ সময়তে ৰাছিয়াৰ “গণহত্যা” ৰোধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় প্ৰচেষ্টাত যোগ দিবৰ বাবে চীনক আহ্বান জনাইছে ।

টকিঅ’ৰ এক সংবাদ মেলত ইউক্ৰেইনৰ কূটনীতিক ছাৰ্জী কৰছুনস্কিয়ে কয়, “আমি স্বাগত জনাম যদি, চীনে ৰাছিয়াৰ স’তে তেওঁলোকৰ সংযোগ অনুসৰণ কৰি আৰু পুটিনৰ স’তে আলোচনা কৰি, তেওঁক ব্যাখ্যা কৰে যে একবিংশ শতাব্দীত ইউৰোপত এই গণহত্যা কৰা অনুচিত ।”

চীনে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ পদক্ষেপৰ সমালোচনা নকৰি, ৱাশ্বিংটন আৰু তাৰ সহযোগীৰ ওপৰত মৌখিক আক্ৰমণত যোগ দিছে ।

Exit mobile version