পাঁচদিনীয়া কাৰ্যসূচীত শিক্ষক-শিক্ষয়ত্ৰীৰ প্ৰি-প্ৰাইমাৰী প্ৰশিক্ষণ দোতমাত

WhatsApp Image 2022 02 25 at 5.40.58 PM

সমগ্ৰ শিক্ষা অভিযানৰ অধীনত পাঁচদিনীয়া কাৰ্যসূচীত শিক্ষক-শিক্ষয়ত্ৰীসকলৰ প্ৰি-প্ৰাইমাৰী প্ৰশিক্ষণ অনুষ্ঠিত কৰে । যোৱা ২১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা শিক্ষক-শিক্ষয়ত্ৰীসকলৰ প্ৰি-প্ৰাইমাৰী প্ৰশিক্ষন অনুষ্ঠানত ২৩৩ জন উপস্থিত থাকে ।

আজি প্ৰশিক্ষণৰ অন্তিম দিনত এখন মুকলি অনুষ্ঠানো অনুষ্ঠিত কৰে । উক্ত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কোকৰাঝাৰ জিলা শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ, প্ৰকল্প সমন্বয়ক ইন্দ্ৰদেও কুমাৰ, দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অঞ্জুমা ব্ৰহ্ম নাৰ্জাৰী, জিলা আঁচনি বিষয়া জাহাংগীৰ হুচেইন, ছাবিনা ইয়াচমিন আদিয়ে ।

আজিৰ অনুষ্ঠানতেই প্ৰশিক্ষণ লোৱা শিক্ষক-শিক্ষয়ত্ৰীসকলে বড়ো জনগোষ্ঠীৰ বাগুৰুম্বা নৃত্য, কোচৰাজবংশী জনগোষ্ঠীৰ গোৱালনীনি নৃত্য, আদিবাসী নৃত্য, আদি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰে ।

Exit mobile version