সকলো বোমাৰ পিতৃ ! ৰাছিয়াৰ হাতত ৪৪টন ওজনৰ টিএনটি বোমা

2022 02 24T101927Z 1784176583 RC26QS90NW3T RTRMADP 3 UKRAINE CRISIS

ৰাছিয়াৰ হাতত আছে আমোঘ অস্ত্ৰ । সেয়া হৈছে ৪৪টন ওজনৰ অপৰমাণু টিএনটি বোমা । ইয়াক কোৱা হয় সকলো বোমাৰে পিতৃ । এই বোমা হৈছে বিশ্বৰ সবাতোকৈ শক্তিশালী অপৰমাণু বোমা । ইয়াৰ দ্বাৰা তিনিশ কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা অঞ্চলত ভয়াৱহ ক্ষতিসাধন কৰিব পাৰি ।

তথ্য অনুসৰি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই ‘ফাডাৰ অৱ অল ব’ম্বছ’ নিক্ষেপ কৰিবলৈ পৰিকল্পনা কৰিছে । ইয়াৰ দ্বাৰা ভীতিগ্ৰস্ততাৰ সৃষ্টিৰ পৰিকল্পনা কৰিছে পুটিনে ।

এই ছুপাৰ শক্তিশালী অপৰমাণু বোমাৰ দৰে বিধ্বংসী অস্ত্ৰ যুঁজাৰু বিমানৰ পৰা ভূমিলৈ নিক্ষেপ কৰা হয় । আকাশী পথতে ই বিস্ফোৰিত হয় আৰু ধ্বংসলীলা সূচনা কৰে । ইয়াৰ দ্বাৰা অতিশয় উচ্চ তাপমাত্ৰাৰ সৃষ্টি হয় । ৰাছিয়াই ২০০৭তে প্ৰস্তুত কৰে এই বোমা । আমেৰিকাৰ ‘মাদাৰ অৱ অল ব’ম্বছ’তকৈ ই বহুগুণে শক্তিশালী ।

আমেৰিকাৰ হাতত আছে কি বোমা ?

তথ্য অনুসৰি আমেৰিকাৰ হাতত থকা ‘মাদাৰ অৱ অল ব’ম্বছ’ ব্যৱহাৰ কৰা হৈছিল প্ৰথমবাৰৰ বাবে ২০১৭ত ইছলামিক মৌলবাদী সন্ত্ৰাসবাদী সংগঠন আই এছৰ বিৰুদ্ধে ।

ইপিনে, চীনেও ২০১৯ত এনে ধৰণৰ এটা বোমা নিৰ্মাণ কৰি পৰীক্ষা কৰে । চীনৰ চৰকাৰে কয় যে জিয়ান এইছ-৬ কে বোমাই যিকোনো ঘৰ অথবা সামৰিক ঘাটিক ধ্বংসস্তুপত পৰিণত কৰিব পাৰে ।

Exit mobile version