ক্ষমতা হস্তগত কৰক :ইউক্রেইনৰ সেনাবাহিনীক অভ্যুত্থানৰ আহ্বান পুটিনৰ

1000 2 1644973562

যুদ্ধৰ দ্বিতীয় দিনা ইউক্রেইনৰ ৰাজধানী কিয়েভৰ দুৱাৰডলিত আক্রমণকাৰী ৰুছ সৈন্য উপস্থিত হােৱাৰ সময়তে ৰুছ ৰাষ্ট্রপতি ভ্রাডিমিৰ পুটিনে ইউক্রেইনৰ সেনাবাহিনীক কিয়েভত নেতৃত্বক ওফৰাই পেলাবলৈ আহ্বান জনায়। ইউক্রেইনৰ সেনাই ৰুছ বাহিনীৰ স’তে কিয়েভত যুঁজ দি থকাৰ সময়ত পুটিনে দেশখনৰ নেতৃত্বক ‘সন্ত্রাসবাদী, ড্ৰাগছ আসক্তৰ দল, আৰু ‘নতুন নাজি’ বুলি অভিহিত কৰে।

টেলিভিছনৰ এক বার্তাত ইউক্রেইনৰ সেনাক উদ্দেশ্য কৰি ক্ষমতা নিজৰ হাতলৈ আনিবলৈ কয়,’ ক্ষমতা নিজৰ হাতলৈ আনক। এনেহ’লে ড্ৰাগছ আসক্তৰ এই দল আৰু নতুন নাজি বাহিনীতকৈ আপােনালােকৰ স’তে সন্মত হ’বলৈ আমাৰ বাবে সহজ হ’ব যেন বােধ হৈছে। ‘

উল্লেখ্য যে এই ক্ষেত্ৰত তেওঁ ইউক্রেইনৰ নেতা ৰাষ্ট্রপতি ভ্লাদিমিৰ জেলেন’স্কীৰ প্ৰসংগ উল্লেখ কৰে। জেলেন’স্কী হৈছে এজন ইহুদী লােক। যুদ্ধৰ প্ৰথম দিনাই ইউক্রেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকীভ আৰু চাৰন’বীল ৰুছ সেনা নিয়ন্ত্রণলৈ অহাৰ পাছত প্ৰতিৰক্ষা বিশেষজ্ঞসকল সন্দিহান হৈছে।

জেলেন’স্কীৰ অনুগত সেনাই কিমান দিন প্রতিৰােধ গঢ়িব পাৰিব তাকে লৈ উদ্বিগ্ন পৰিস্থিতিত আমেৰিকা নেতৃত্বাধীন নাটো বাহিনীৰ ইউক্রেইনৰ প্রতিবেশী সদস্য ৰাষ্ট্ৰসমূহৰ সুৰক্ষাৰ বাবে তৎপৰ হৈছে এই সামৰিক মিত্রজোট। সূত্রত প্রকাশ যে পােলেণ্ড আৰু হাংগেৰীত নিয়ােজিত নাটো বাহিনীয়ে ইতিমধ্যে সম্ভাৱ্য যুদ্ধ পৰিস্থিতিৰ মােকাবিলাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে।

সূত্রত প্রকাশ যে শুকুৰবাৰে এই সন্দৰ্ভত নাটোৰ জৰুৰী বৈঠকত ইউক্রেইনৰ প্রতিবেশী সদস্য ৰাষ্ট্ৰসমূহৰ নিৰাপত্তা ব্যৱস্থা অধিক দৃঢ় কৰাৰ বিষয়ে আলােচনা হয়। নাটোৰ মুৰব্বী জ’ন্স ষ্টোলেনবার্গে কয়, ‘ইউক্রেইনত ৰাছিয়াৰ আক্রমণ পূর্ব ইউৰােপত নতুনকৈ অশান্তিৰ কাৰণ হ’ব পাৰে বুলি আমাৰ আশংকা হৈছে। পূবৰ সীমান্তত অধিক সেনা নিয়ােগ কৰা হ’ব বুলিও তেওঁ সম্ভাৱনা প্রকাশ কৰে। ‘

উল্লেখ্য যে পােলেণ্ড আৰু হাংগেৰীৰ উপৰি ইউক্রেইনৰ প্রতিবেশী শ্লোভেকিয়া আৰু ৰােমানিয়া নাটো বাহিনীৰ সদস্য। মন কৰিবলগীয়া যে ইউক্রেইন যাতে এই মিত্ৰজোঁটৰ সদস্য নহয় তাৰ বাবে বাৰে বাৰে সকীয়াই দিছে পুটিনে। ইতিমধ্যে এই কথা স্পষ্ট হৈছে যে আমেৰিকাই ৰাছিয়াৰ আঢ্যৱন্ত আৰু বিত্তীয় প্রতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা জাৰি কৰিলেও ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধক্ষেত্রলৈ নাযায় আমেৰিকাৰ বাহিনী।

আত্মসমর্পণ অথবা মৃত্যু

ৰাছিয়াৰ সমৰবাহিনীয়ে আত্মসমর্পণৰ বার্তা দিছিল। ইয়াক উপেক্ষা কৰি কর্তব্য ৰক্ষাত অটল যুঁজত প্রাণ হেৰুৱালে ইউক্রেইনৰ ১৩ জন সীমান্ত আৰক্ষীয়ে। কৃষ্ণ সাগৰৰ ক্ষুদ্র শিলা দ্বীপ জিমিনি বা সর্প দ্বীপৰ দখলৰ সময়ত এই সংঘৰ্ষৰ ভিডিঅ’ ফুটেজ ভাইৰেল হৈছে।

ইয়াত দেখা গৈছে যে ৰাছিয়াৰ দখলত থকা ইউক্রেইনৰ ভূখণ্ড ক্রিমিয়াৰ অদূৰৰ সৰ্প দ্বীপ দখলৰ উদ্দেশ্যে শুকুৰবাৰে পুৱাতে দুখন ৰুছ সমৰতৰীয়ে অভিযান আৰম্ভ কৰে। ইয়াৰে এখন জাহাজৰ পৰা সীমান্তৰক্ষীলৈ অস্ত্র ত্যাগ কৰি আত্মসমর্পণৰ ৰেডিঅ’ বার্তা প্ৰেৰণ কৰা হয়। এই ভাবুকিত হাৰ নামানি ইউক্রেইন সেনাই কয় যে কোনাে পৰিস্থিতিতে আত্মসমর্পণ নকৰে। ইয়াৰ ফলত ৰুছ সমৰবাহিনীয়ে চলােৱা গােলাবর্ষণত ১৩ জনে প্রাণ হেৰুৱায়।

Exit mobile version