পুত্রৰ চৰ্দিয়ে ২০টা বছৰ কাঢ়িলে মাতৃৰ

cold 4 6216148645496

অসুস্থ হ’লে শিশু সন্তানে প্রথমে মাতৃকেই কাষত বিচাৰে। তেনে এক পুত্র সন্তানৰ পৰা মাতৃগৰাকীও সংক্রমিত হৈছিল। সামান্য সংক্রমণ আছিল যদিও সেই ঘটনাই যে বিয়াগােম আকাৰ ধাৰণ কৰিব, সেই কথা কল্পনাও কৰিব পৰা নাছিল ব্রিটেইনৰ ক্লেয়াৰ মাফেৰিচ নামৰ মহিলাগৰাকীয়ে।

৪৩ বছৰীয়া মহিলাগৰাকীৰ মনৰ পৰা বিলুপ্ত হৈ পৰিছিল সুদীর্ঘ ২০ বছৰৰ স্মৃতি। সেই দুটা দশকৰ একো কথাই এতিয়া তেওঁৰ মনত নাই।

শুনিবলৈ অবাক লাগিলেও স্বয়ং ক্লেয়াৰেই সেই দাবী কৰিছে। মহিলাগৰাকীয়ে জনায় যে ২০২১ এনিশা তেওঁ অসুস্থ পুত্ৰৰ সংস্পর্শত থাকি সংক্রমিত হৈছিল।

পাছদিনা পুৱা টোপনিৰ পৰা সাৰ পােৱাৰ পাছতে একেবাৰে সলনি হৈ পৰে তেওঁৰ জীৱনটো। একোৱেই মনত পেলাব পৰা নাছিল ক্লেয়াৰে।

বিগত ২০টা বছৰত তেওঁৰ জীৱনত কি কি ঘটিছিল, সেইবােৰ তেওঁৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে লােপ পাইছিল। মহিলাগৰাকীৰ এনে অৱস্থা দেখি পৰিয়ালৰ লােকসকলাে হতবাক হৈ পৰে।

অৱশ্যে বিস্ময়ৰ যেন ইয়াতেই শেষ নাছিল। ক্লেয়াৰৰ শাৰীৰিক অৱস্থাৰাে দ্রুত অৱনতি ঘটে। আনকি ১৬ দিনৰ বাবে তেওঁ কমাতো আছিল ।

পত্নী ক্লেয়াৰৰ জীৱনৰ সেই অবিশ্বাস্য ঘটনাৰ কথা মনত পৰিলে আজিও গা শিয়ঁৰি উঠে স্বামী স্কট মাফেৰিচৰ ।স্কটে জনায় যে পুত্ৰ মেক্সৰ পৰা ক্লেয়াৰৰ গালৈকো চৰ্দি বাগিৰিছিল ।প্ৰায় দুসপ্তাহ ভুগিছিল, কিন্তু তাৰ পাছত তেওঁৰ শাৰীৰিক অৱস্থা দ্ৰুতগতিত বেয়াৰ ফালে ঢাল খায় ।

হাস্পাতালতো ভৰ্তি কৰা হৈছিল । এসপ্তাহ তেওঁক ভেন্টিলেচনতো ৰখা হৈছিল ।ইয়াৰ পাছত চিকিৎসকে অনেক পৰীক্ষা-নিৰীক্ষা কৰি জনায় যে ক্লেয়াৰৰ মস্তিষ্কত ৰক্তক্ষৰণ হৈছে।

অৱশ্যে পাছত জনা গ’ল যে তেওঁ আচলতে এনকেফেলাইটিছত আক্রান্ত। ইয়াৰ পাছতে দেখা যায়,লাহে লাহে ধূসৰ হৈ আহিছে ক্লেয়াৰৰ স্মৃতিশক্তি।

নিজৰ বিবাহৰ পৰা সন্তান জন্ম দিয়া আদি একো কথাই তেওঁ মনত পেলাব পৰা নাছিল। প্রেমিক তথা এতিয়াৰ স্বামী স্কটে তেওঁক কেনেদৰে প্ৰেমৰ প্ৰস্তাৱ দিছিল, সেই কথা ক্লেয়াৰে আজিও মনত পেলাবলৈ চেষ্ট কৰে। অথচ সকলাে স্মৃতিয়েই এতিয়া লুপ্ত।

সম্প্রতি ক্লেয়াৰে সাংবাদিকতা কৰে। মাজে-মধ্যে অতীতৰ স্মৃতি ৰােমন্থন কৰাৰ চেষ্টা কৰিলেও এই পর্যন্ত সফল হােৱা নাই। তেওঁৰ এই আচহুৱা ৰােগে চিকিৎসকসকলকো আচৰিত কৰি তুলিছে।

Exit mobile version