সাত মাৰ্চত নিৰ্বাচনৰ পাছতে ইন্ধনৰ মূল্যবৃদ্ধিৰ বোমা ফুটিব ভাৰতত

UKRAINE RUSSIA CONFLICT 48 1645794482990 1645794492075

ৰাছিয়া আৰু ইউক্রেইন যুদ্ধৰ পৰিণাম ভুগিব লাগিব ভাৰতেও। এই যুদ্ধৰ ফলত ভাৰতত পেট্রল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি হােৱাটো নিশ্চিত হৈছে। ইতিমধ্যে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ প্রতি বেৰেলৰ মূল্য আকাশলংঘী হৈছে।

ভাৰত সর্বাধিক পৰিমাণৰ খাৰুৱা তেল আমদানি কৰা বিশ্বৰ দ্বিতীয়খন ৰাষ্ট্র। আনহাতে, ৰাছিয়া হ’ল এনে তেল উৎপাদন কৰা বিশ্বৰ প্রথম শাৰীৰ ৰাষ্ট্ৰবােৰৰ অন্যতম। যুদ্ধৰ বাবে ৰাছিয়াৰ তেল উৎপাদনত যতি পৰাটো নিশ্চিত। ইয়াৰ ফলতে বিশ্বৰ বজাৰত অপৰিশােধিত তেলৰ প্রতি বেৰেলৰ মূল্য সম্প্রতি ১০৫ ডলাৰ হৈছে। মূল্যৰ এই পৰিমাণ বিগত আঠ বছৰৰ ভিতৰত সর্বাধিক।

এই যুদ্ধৰ আগৰ পৰাই বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি অব্যাহত আছে। তেনে স্থলত ভাৰতত বিগত প্রায় চাৰে তিনিমাহ ধৰি তেলৰ মূল্য স্থিৰ হৈয়ে আছে। ইয়াৰ মূল কাৰণ দেশৰ পাঁচখন ৰাজ্যত চলি থকা নির্বাচন বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে।

এনে পৰিৱেশৰ মাজতে ৰাছিয়া আৰু ইউক্রেইনৰ যুদ্ধই ভাৰতত যেন ভূতৰ ওপৰত দানহহে পৰিছে। ক’ভিডে দেশৰ অর্থব্যৱস্থাত দিয়া মাধমাৰৰ পাছত পৰিৱেশ লাহে লাহে অনুকুল হ’বলৈ ধৰােতেই প্রতিপত্তি বাহাল ৰখাৰ বাবেই ৰাছিয়াই ইউক্রেইনৰ স’তে যুদ্ধত লিপ্ত হয়।

এনে ক্ষেত্ৰত সামগ্রিকভাৱে ভাৰতৰ অর্থনীতিয়ে নতুন এক স্পর্শকাতৰ পৰিস্থিতিৰ মাজলৈ যােৱাৰ উপক্ৰম হৈছে। যােৱা অক্টোবৰৰ শেষভাগত বিশ্বৰ বজাৰত প্রতি বেৰেল খাৰুৱা তেলৰ মূল্য আছিল ৮৬ ডলাৰ। সেই সময়তে ভাৰতত পেট্রল-ডিজেলৰ প্রতি লিটাৰৰ মূল্য এশ টকা হৈছিল।

তেনে ক্ষেত্ৰত ১০৫ ডলাৰলৈ প্রতি বেৰেল অপৰিশােধিত তেলৰ মূল্য বৃদ্ধি হােৱাত ভাৰতত প্রতি লিটাৰ পেট্র’ল আৰু ডিজেলৰ মূল্য কিমানলৈ বৃদ্ধি হ’ব পাৰে সেয়া অকল্পনীয়। অর্থনীতিবিদসকলে আশংকা কৰে যে যদিহে এই যুদ্ধ দীঘলীয়া হয় তেনেহ’লে প্রতি বেৰেল খাৰুৱা তেলৰ মূল্য ১২০ ডলাৰ পর্যন্ত হ’ব পাৰে।

তাৰ ফলত পেট্রল আৰু ডিজেলৰ মূল্য প্রতি লিটাৰত কিমানলৈ বৃদ্ধি হ’ব তাৰ হিচাপ এতিয়াই নােলালেও ভাৰতীয় অর্থনীতিত যে এক কল্পনা কৰিব নােৱাৰা মাধমাৰ পৰিব সেয়া ধুৰুপ। সাধাৰণ ৰাইজৰ দুৰৱস্থা কি ধৰণৰ হ’ব পাৰে সেয়াও কল্পনাতীত।

বিত্ত মন্ত্রণালয়ৰ শীর্ষ বিষয়াৰ সূত্রই অৱশ্যে দাবী কৰে যে এই যুদ্ধৰ প্ৰভাৱ ভাৰতৰ অর্থনীতিত বৰ বেছি মাৰাত্মক নহ’ব; কিন্তু মাৰাত্মক যে হ’ব এয়া এই মন্তব্যতে স্পষ্ট হৈছে। সূত্ৰটোৱে কয় যে তেলৰ মূল্যবৃদ্ধিৰ ফলত ভাৰতত সকলাে সামগ্ৰীৰে মূল্যবৃদ্ধি হােৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত ৰিজাৰ্ভ বেংকে সুদৰ হাৰ বৃদ্ধি কৰিবলগীয়া হ’ব পাৰে।

এই যুদ্ধই সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যদিহে তেল উৎপাদনকাৰী দেশবােৰৰ সংগঠন অ’পেকে উৎপাদন বৃদ্ধিৰ সিদ্ধান্ত লয় তেতিয়াহে সম্ভাব্য জটিল পৰিস্থিতিৰ কিছু শাম কটাৰ সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে উল্লেখ কৰে।

তেলৰ লগতে সােণ আৰু গমৰ মূল্যও বৃদ্ধি হােৱাটো নিশ্চিত। যুদ্ধৰ ফলত কালিৰ পৰা ভাৰতত হলমার্কযুক্ত সােণৰ মূল্য বৃদ্ধি আৰম্ভ হৈছে।

২২ কেৰেটৰ হলমার্কযুক্ত ১০ গ্রাম সােণৰ মূল্য কালি ৫০,৩০০ টকালৈ বৃদ্ধি হয়। একেদৰে ২৪ কেৰেটৰ ১০ গ্রাম সােণৰ মূল্য হয় ৫২,২৫০ টাকা।

সােণৰ ২২ কেৰেটৰ গহনাৰ মূল্যও ৪৯,৫০০ টকালৈ বৃদ্ধি হৈছে। সম্ভাব্য মূল্যবৃদ্ধিৰ তালিকাত সংযােজিত হৈছে চি এন জি আৰু পি এম জিৰ দৰে প্ৰাকৃতিক গেছাে।

ইয়াৰ ফলত বৃদ্ধি হ’ব পাৰে বিদ্যুতৰ মূল্যও। মূল্য বৃদ্ধি হ’ব পাৰে কেৰাচিনৰাে। ৰাছিয়া হ’ল বিশ্বত সর্বাধিক পৰিমাণৰ গম ৰপ্তানিকাৰী দেশ। ভাৰতত প্ৰচুৰ পৰিমাণে গম ব্যৱহাৰ হয়। যুদ্ধৰ ফলত গমৰ মূল্য বৃদ্ধিৰাে আশংকা বজাৰ বিশেষজ্ঞই কৰিছে।

Exit mobile version